Type Here to Get Search Results !

মনৰ মানুহ

0
মনৰ মানুহ ॥
               
ৰঞ্জুমণি মহন্ত ॥


জন্ম-জন্মান্তৰৰ অন্তত 
এই মুখামুখি ।

জানো মই,
এই পোৱাই শেষ পোৱা ।

যাওঁ বুলিলেও 
নোৱাৰ যাব ।
কাৰণ,
এৰা মানেই হেৰাই যোৱা ।

' মোৰ মনৰ মানুহ ,

সাঁচি ৰাখিম তোক 
মনৰ মণিকূটত ।


হিয়াজুৰি হওক 
তোৰ বিমূৰ্ত বিচৰণ ।

সৰ্বত্ৰতে হওক মাথোঁ 
তোৰেই প্ৰতিফলন ।



Post a Comment

0 Comments