এতিয়াৰ পৰা প্ৰায় দুই দশকমান আগলৈকে কেইজনমান বন্ধু-বান্ধৱী
লগ হ’লেই তেওঁলোকৰ মাজত হৈছিল অন্তহীন কথা-বতৰা, বিভিন্ন বিষয়ৰ আড্ডা আৰু জাউৰিয়ে জাউৰিয়ে হাঁহি। জুবিনৰ গানৰ
পৰা আৰম্ভ কৰি আলফালৈকে বিভিন্ন বিষয়েৰে বৈচিত্ৰ্যময় আছিল সেই আড্ডাবিলাক। ইজনে সিজনক
ভালদৰে জানিছিল, বুজিছিল। সেই সময়লৈকে
অসমলৈ ম’বাইল ফ’ন অহা নাছিল। ইণ্টাৰনেটো আজিৰ দৰে ইমান সহজলভ্য নাছিল। বিজ্ঞানৰ
অগ্ৰগতি আৰু তথ্য-প্ৰযুক্তিৰ বিকাশৰ লগে লগে গোটেই পৃথিৱীখন এখন সৰু গাঁৱলৈ পৰিণত হোৱাৰ
লগতে ইণ্টাৰনেট সহজলভ্য হৈ পৰিল। হাতে হাতে থকা এণ্ড্ৰ’ইড্ ফ’নসমূহে গোটেই পৃথিৱীখনকেই আমাৰ হাতৰ মুঠিলৈ আনি দিলে। ‘ছ’চিয়েল মিডিয়া’ (Social media) ৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো
ঠাইৰ মানুহৰ সৈতে সংযোগ স্থাপন, ভাবৰ আদান-প্ৰদান কৰিব
পৰা হ’ল। বিশেষকৈ যিকোনো ধৰণৰ সামাজিক
সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অকল্পনীয়। বৰ্তমান সময়ত অসমীয়া সাহিত্য চৰ্চাৰ
ক্ষেত্ৰততো ছ’চিয়েল মিডিয়াৰ, বিশেষকৈ ফেইচবুক আৰু ৱাট্ চআপৰ অৱদান স্বীকাৰ কৰিবই লাগিব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা আদি সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰকাৰীসকল উপকৃত
হৈছে। ফলস্বৰূপে, দিনক-দিনে বাঢ়ি আহিছে
ফেইচবুক (facebook), টুইটাৰ (Tweeter), য়ুটিউব (YouTube),
ৱাটছ্আপ
(Whatsapp), পিণ্টাৰেষ্ট (Pinterest), ইন্ ষ্টাগ্ৰাম (Instagram), লিংক্ দিন (LinkedIn), টাম্বলৰ (Tumbler),
ৰেডিট (Reddit), ভাইবাৰ (Viber),
ডিগ (Digg), ডেলিশ্বাছ (Delicious), ষ্টাম্বল্ আপন্ (StumbleUpon), বিজছুগাৰ (BizSuger), পেৰিস্ক’প (Periscope), ভাইন (Vine), কুৱ’ৰা (Quora), স্নেপ্ চাট (Snapchat) আদি বিভিন্ন ধৰণৰ ‘ছ’চিয়েল মিডিয়া’ ব্যৱহাৰকাৰীৰ সংখ্যা।
এক পৰিসংখ্যা অনুসৰি সমগ্ৰ পৃথিৱীতে ২০১৭ চনত ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ২.৪৬ নিযুত, যাৰ পৰিমাণ বাঢ়ি গৈ ২০১৯ চনত ২.৭৭ নিযুত হ’বগৈ বুলি পূৰ্বানুমান কৰা হৈছে।
এতিয়া আৰু আগৰ দৰে বন্ধু-বান্ধৱীৰ লগ হ’লে আড্ডা নহয়। লগ হয় ঠিকেই, কিন্তু দুই-এষাৰ কথা পতাৰ
পাছতেই সকলো ম’বাইলত ইণ্টাৰনেটৰ একো একোখন বেলেগ
বেলেগ পৃথিৱীত ব্যস্ত হৈ পৰে সকলো। তেওঁলোকৰ আড্ডা হয় ছ’চিয়েল মিডিয়াৰ বন্ধু-বান্ধৱীৰ লগত। সকলো বস্তুৰে ভাল আৰু বেয়া
দুটা দিশ থকাৰ দৰে ছ’চিয়েল মিডিয়াৰ সৈতেও ভাল
আৰু বেয়া দুয়োটা দিশ জড়িত হৈ আছে।
বৰ্তমান
সমাজৰ এক বৃহৎ সংখ্যক লোক ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্ত
হৈ পৰিছে। সকলো ধৰণৰ আসক্তিয়েই ক্ষতিকাৰক হোৱাৰ দৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিও অত্যধিক আসক্তি সমাজ জীৱনৰ বাবে ক্ষতিকাৰক
হৈ ধৰা দিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে ই শাৰীৰিক, মানসিক আৰু সামাজিক ক্ষতিৰ কাৰক হৈ ধৰা দিছে। ইয়াৰ অপকাৰসমূহ আলোচনা কৰিবলৈ হ’লে প্ৰথমেই আমি ক’বই লাগিব যে ই আমাৰ মূল্যৱান
সময়ৰ এক বৃহৎ অংশৰ অপচয় কৰে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ
পঢ়া-শুনাৰ ক্ষতিতো হৈছেই, তদুপৰি আজৰি সময়কণ ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ বাবে অন্যান্য সৃষ্টিশীল কামত সময়
দিব নোৱৰাৰ ফলত তেওঁলোকৰ সৃষ্টিশীলতা হ্ৰাস পাবলৈ ধৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে আমি হাজাৰ হাজাৰ মাইল দূৰৰ অচিনাকি বন্ধু-বান্ধৱৰ
সৈতে সংযোগ স্থাপন কৰিছোঁ। তেওঁলোকৰ প’ষ্টত ‘কমেণ্ট’ কৰিছোঁ, ‘ৰিপ্লাই’ দিছোঁ, মেছেঞ্জাৰত বাৰ্তালাপ কৰিছোঁ; তেওঁলোকৰ সৈতে এক মধুৰ, সুহৃদ সম্পৰ্ক স্থাপন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ আৰু তাৰ বাবে
আমি যি সময় ব্যয় কৰিছোঁ, সেই সময় কাঢ়ি আনিছোঁ আমাৰ
পৰিয়াল-পৰিজনক দিব লগা সময়ৰ পৰা। ফলস্বৰূপে আমি দূৰলৈ গৈ আছোঁ আমাৰ পৰিয়াল-পৰিজন, আত্মীয়-স্বজনৰ পৰা;
আমি দূৰলৈ
গৈ আছোঁ সততে পোৱা আমাৰ আপোন বন্ধু-বান্ধৱীসকলৰ
পৰা। অথচ বিপদে-সম্পদে থিতাতে আমাৰ কাষত ৰ’বহি বাস্তৱ পৃথিৱীৰ বন্ধু-বান্ধৱীসকল
বা পৰিয়াল-পৰিজন। হয়তো ইচ্ছা কৰিলেও আমাৰ কাষত নিমিষতে থিয় দিব নোৱাৰিব এই ‘ভাৰ্শ্ব্যুৱেল পৃথিৱী’-ৰ সেই অপোন বন্ধু-বান্ধৱীসকল।
আৱেগিক সম্পৰ্ক নথকা বাবে এনে বন্ধু-বান্ধৱীসকল বহুসময়ত এজনে আনজনৰ প্ৰতি সামান্য অজুহাততে
মাত্ৰাধিক কঠোৰ হৈ পৰাৰ উপৰি জনমানসত হেয় প্ৰতিপন্ন কৰি বদনামী কৰিবলৈকো কুণ্ঠাবোধ
নকৰে।
বহু সময়ত
ছ’চিয়েল মিডিয়াই আমাক হীনমন্যতাত
ভোগোৱাৰ লগতে আমাক বিষাদগ্ৰস্ত কৰি তোলে। বৰ্তমান যুগত আমি সকলো আহৰিহীনভাৱে কৰ্মব্যস্ত।
আধুনিক জীৱন যাত্ৰাত বিভিন্ন সময়ত আমি মুখামুখি
হওঁ নানানটা সমস্যা, ঘাত-প্ৰতিঘাত আদিৰ। বিভিন্ন
চাপ, হতাশা আদিয়ে আৱৰি থাকে আমাৰ মন-মনন।
তেনেবোৰ সময়ত আমাৰ বন্ধু-বান্ধৱীসকলে ছ’চিয়েল মিডিয়াত ‘আপল’ড’ কৰা, ধুনীয়া ধুনীয়া ঠাইলৈ যোৱা, নামী-দামী ৰেষ্টুৰেণ্টত সুস্বাদু খাদ্য খোৱা, তেওঁলোকৰ জীৱনৰ নানা ধৰণৰ প্ৰাপ্তি, আনন্দ আৰু সুখী সময়ৰ ধুনীয়া ধুনীয়া ৰঙীন ফট’সমূহ দেখি আমাৰ মনত
ভাব হ’বলৈ ধৰে যে আমাৰ নিজৰ বাহিৰে আন সকলোৱেই ফট’বোৰৰ দৰেই এখন ৰঙীন পৃথিৱীত বাস কৰিছে। সেই ৰঙীন পৃথিৱীৰ সৈতে নিজৰ কঠিন বাস্তৱৰ
তুলনা কৰি আমি এক ধৰণৰ হীনমন্যতাৰ লগতে বিষণ্ণতাত ভুগিবলৈ আৰম্ভ কৰোঁ। কিন্তু আমি ভাবি
নাচাওঁ যে সেই ফট’সমূহে তেওঁলোকৰ জীৱনক
আংশিকভাৱেহে প্ৰতিফলিত কৰে; সম্পূৰ্ণ জীৱনটোক নহয়।
বহুতৰে ক্ষেত্ৰত, ফট’ত নথকা জীৱনটো,
ফট’ৰ জীৱনৰ সম্পূৰ্ণ বিপৰীতহে হোৱা দেখা যায়। আমি নিজেও জানো দহ-বাৰখন
ফট’ তুলি তাৰ ভিতৰত আটাইতকৈ সুন্দৰ
ফট’খনেই ‘আপল’ড’ নকৰো· আমিওতো কেৱল ‘সুন্দৰ’-খিনিহে ছ’চিয়েল মিডিয়াত দিওঁ; আমাৰ কুৎসিত ফট’
এখন, বেয়া সময়বোৰ, অথবা আমাৰ বেয়া খবৰবোৰতো
কেতিয়াও প্ৰকাশ নকৰোঁ আৰু এনেদৰেই আমি সকলোৱেই ছ’চিয়েল মিডিয়াত নিজৰ নিজৰ একোখন ভ্ৰান্ত প্ৰতিচ্ছৱি(Image) গঢ়ি তোলোঁ। ভ্ৰান্ত প্ৰতিচ্ছৱিৰ সৈতেই যিহেতু আমি
বন্ধুত্ব কৰো, প্ৰেম কৰোঁ অথবা সম্পৰ্ক গঢ়ি তোলোঁ, সম্পৰ্কবোৰে সেয়ে গভীৰতা লাভ কৰিব নোৱাৰে। বহুক্ষেত্ৰত বাস্তৱ
জীৱনত তেনে বন্ধু-বান্ধৱী অথবা প্ৰেমিক-প্ৰেমিকা লগ হোৱাৰ পাছত মনত লৈ ফুৰা ভ্ৰান্ত
প্ৰতিচ্ছৱি আৰু বাস্তৱৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্যৰ ফলত সম্পৰ্কবিলাক থানবান হৈ যোৱাৰো
উদাহৰণ দেখা যায়।
কেতিয়াবা ছ’চিয়েল মিডিয়াই আত্মীয়-স্বজন, বন্ধু-বান্ধৱীৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি কৰাত যথেষ্ট অৰিহণা
আগবঢ়ায়। বহুসময়ত আমি আমাৰ প’ষ্টসমূহত আমাৰ বাস্তৱ
জীৱনৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজনৰ পৰা ‘লাইক’, ‘ক’মেণ্ট’ আদি আশা কৰোঁ। কিন্তু
আমি আশা কৰাৰ দৰে যদি তেওঁলোকৰ পৰা সেইবিলাক নাপাওঁ, তেন্তে আমি তেওঁলোকক বেয়া পাবলৈ আৰম্ভ কৰোঁ। আমি ভাবিবলৈ লওঁ যে তেওঁলোকে আমাক
ঈৰ্ষা কৰে। গতিকে আমি তেওঁলোকক এৰাই চলিবলৈ আৰম্ভ কৰোঁ। আমি কেতিয়াও নাভাবো যে তেওঁলোকে
হয়তো আমাৰ প’ষ্ট নেদেখিব পাৰে বা কিবা ব্যস্ততাত
তেওঁলোকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিব
পাৰে। আৰু এনেকৈয়ে আমি কিছুমান মূল্যৱান সম্পৰ্ক হেৰুৱাবলৈ আৰম্ভ কৰোঁ।
ছ’চিয়েল মিডিয়াৰ প্ৰয়োজনাধিক ব্যৱহাৰে আমাক এলেহুৱা কৰি তুলিছে।
আমি কাম কৰাতকৈ বহি বহি ‘ভাৰ্শ্ব্যুৱেল পৃথিৱী’- ত আড্ডা দি থাকি ভাল পোৱা হৈছো, যাৰ দুৰ্ভোগ ভূগিব লগা হৈছে আমাৰ মূল্যৱান চকুহালে। আমি খিংখিঙীয়া
হৈ পৰিছোঁ। আমাৰ শাৰীৰিক শ্ৰম, খেলা-ধূলা আদি কমি যোৱাৰ
ফলত আমি শাৰীৰিকভাৱেও ক্ষতিৰ সমুখীন হৈছোঁ।
এই
সকলোবিলাকৰ উপৰি ছ’চিয়েল মিডিয়াত উপলব্ধ
নানা ধৰণৰ খেল, উদাহৰণস্বৰূপে- মৃত্যু কেতিয়া
হ’ব, বুঢ়া ! বঢ়ী হ’লে দেখিবলৈ কেনেকুৱা হ’ব আদি বিভিন্ন খেলসমূহ খেলিবলৈ যাওঁতে সেই ‘এপ’-বিলাকক আমাৰ সকলো বিলাক
ব্যক্তিগত তথ্য পৰীক্ষা কৰিবলৈ অনুমতি দিবলগীয়া হয়, যিবোৰ বহুসময়ত আমাৰ বাবে বিপজ্জনক হ’ব পাৰে বুলি ইতিমধ্যে
বিবেচিত হৈছে।
তথাপি, ইমান বিলাক কুপ্ৰভাৱৰ স্বত্তেও আমি ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰাকৈও থাকিব নোৱাৰোঁ। ই যুগৰ দাবী। গতিকে
যিমান দূৰ সম্ভৱ, অতি সাৱধানে, ইয়াৰ প্ৰতি কোনো ধৰণৰ আসক্তি নৰখাকৈ, সকলো কুপ্ৰভাৱৰ পৰা মুক্ত থাকি, পাৰ্যমানে ইয়াৰ সুফলসমূহ গ্ৰহণ কৰি, অতি বুদ্ধিমানভাৱে আমি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা উচিত।
— ৰঞ্জুমণি মহন্ত
Caesars Palace Casino New York City - MapYRO
ReplyDeleteFind 광주 출장샵 your way 광주광역 출장안마 around the 김천 출장안마 casino, find where 서귀포 출장안마 everything is located with these helpful guidebook. Find a table that suits you, find out the best times and 의왕 출장샵 prices.