Type Here to Get Search Results !

অণুগল্প সম্পৰ্কে কিছু কথা (Micro story - a Discussion)

4
ৰঞ্জুমণি মহন্ত



           পশ্চিমীয়া সাহিত্যত ফ্লাশ্ব্‌ ফিক্‌শ্যন’ (Flash  Fiction), ‘মিনি ছাগা’ (Mini Saga), ‘মাইক্ৰফিক্‌শ্যন’ (Micro Fiction), ‘মাইক্ৰষ্টৰীজ’ (Micro Stories), মিন্যুট ফিক্‌শ্যন (Minute Fiction)‘চাডেন ফিক্‌শ্যন’ (Sudden Fiction)’চৰ্ট চৰ্ট ষ্টৰীজ’ (Short Short stories), ‘ভেৰি চৰ্ট ষ্টৰি’ (Very Short Story), ‘নেনফিক্‌শ্যন’ (Neno Fiction), 'স্ম'ক ফিক্‌শ্যন'(Smoke Fiction), চিক্স ৱৰ্ড ষ্ট'ৰি' (Six Word Story) আদি বিভিন্ন নামেৰে সাহিত্যৰ যি ধাৰা চলি আহিছে, সেই ধাৰাই আহি অসমত অণুগল্পনাম ললেহি৷


      অণুগল্পৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথম আমাৰ মনলৈ অহা প্ৰশ্নটো হৈছে অণুগল্প কি?

বহুতে কব খোজে - পদাৰ্থ বিজ্ঞানত অণু অৰ্থাৎ Molecule যেনেকৈ পদাৰ্থৰ ক্ষুদ্ৰতম একক হলেও পদাৰ্থৰ সকলো বৈশিষ্ট্য বহন কৰে, ঠিক সেইদৰে অণুগল্পয়ো আকাৰত সৰু হলেও গল্পৰ আটাইকেইটা বৈশিষ্ট্যই বহন কৰে৷ সেয়ে হলেও কবিতাক যিদৰে আজি পৰ্যন্ত কোনেও সঠিকভাৱে অথবা চুড়ান্তভাৱে সংজ্ঞায়িত কৰিব পৰা নাই, ঠিক সেইদৰে অণুগল্পৰো সঠিকভাৱে অথবা চুড়ান্তভাৱে সংজ্ঞা নিৰূপন কৰিব পৰা হোৱা নাই৷ কেৱল অণুগল্পই নহয়, আচলতে সাহিত্যৰ কোনো ধাৰাকে এক ধৰা-বন্ধা সংজ্ঞাৰ মাজত আবদ্ধ কৰিব পৰা নাযায়৷ তথাপি অণুগল্প হৈছে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে মাত্ৰ কেইটামান বাক্যৰ ভিতৰতে এক বিশাল বিষয়ৰ উন্মোচন৷


       ১৯ শতিকাৰ প্ৰখ্যাত আমেৰিকান সাহিত্যিক ৱাল্ট ৱেইটমেন (Walt Whitman), এমব্ৰছ বায়াৰ্চ(Ambross Bierce) আৰু কেট চপিন (Kate Chopin)-ৰ লেখাত অণুগল্পৰ আদিম ৰূপটো দেখা পোৱা যায় যদিও ইয়াৰ শিপাডাল পোৱা যায় প্ৰাক্‌ ঐতিহাসিক যুগৰ বিভিন্ন আখ্যান, উপাখ্যান, সাধুকথা উদাহৰণস্বৰূপে পাশ্চাত্যৰ ঈছপৰ সাধু’ (Aesop’s Fables) ভাৰতৰ পঞ্চতন্ত্ৰ’, ‘জাতকৰ সাধুআদিত৷


     ১৯২০ চনত কচ্‌মপলিটান’ (Cosmopolitan) আলোচনীত ভেৰি চৰ্ট ষ্টৰিনামেৰে যথেষ্ট সংখ্যক এই ধাৰাৰ লেখা প্ৰকাশ হৈছিল৷ এই ধাৰাক সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত কেইজনমান বিখ্যাত লেখক হৈছে ছমাৰছেট ম, আৰ্নেষ্ট হেমিংৱে, এণ্টন চেখভ, হেনৰি, ফ্ৰেন্‌জ কাফ্‌কা আদি৷ অণুগল্পৰ জৰিয়তেই 'মেন অব বুকাৰ' বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছিল মাৰ্কিন লেখক লিডিয়া ডেভিছ(Lydia Devis)এ৷ ঠিক সেইদৰে অণুগল্পৰ দৰে সৰু গল্প লিখিয়েই পুলিৎজাৰ বঁটা লাভ কৰিছিল আমেৰিকান সাহিত্যিক ৰবাৰ্ট অ'লেন বাৰ্টলাৰে৷ আৰ্নেষ্ট হেমিংৱে প্ৰায় ওঠৰটা এই ধাৰাৰ গল্প লিখিছিল আৰু তাৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু চুটি গল্পটো হৈছে মাথোঁ ছটা শব্দৰ –“For Sale: Baby Shoes. Not Worn.”

      
          অণুগল্পত শব্দ সংখ্যা কিমান হ'ব এইলৈ তেনে কোনো ধৰা-বন্ধা নিয়ম নাথাকিলেও ই  পোন্ধৰশ শব্দৰ পৰা  ন্যুনতাম ছটা শব্দৰো হ'ব পাৰে৷ এইখিনিতে উল্লেখ কৰিবলৈ ভাল পাম যে Guillermo Samperio  নামৰ এজন মেক্সিকান সাহিত্যিকে Fantasma নামেৰে এটা গল্প লিখিছিল, যিটোত শিৰোনামাৰ পাছত আৰু একো লিখা হোৱা নাছিল, আছিল মাথোঁ এটা খালী পৃষ্ঠা৷ 'মেন অব বুকাৰ' বঁটা বিজয়ী লিডিয়া ডেভিছৰ গল্পবোৰৰ দৈৰ্ঘ্য আছিল এশাৰীৰ পৰা দুই-তিনি পৃষ্ঠাৰ ভিতৰত৷ তেখেতৰ গল্পসমূহক আদৰ্শ 'ফ্লাশ্বফিক্‌শ্যন' হিচাপে গণ্য কৰা হয়৷ চীনাসকলৰ স্ম'ক ফিক্‌শ্যন বিলাক অকৌ এটা চিগাৰেট সেৱন কৰিবলৈ লগা সময়ৰ ভিতৰত শেষ হোৱা হ'ব লাগিব৷

     সম্প্ৰতি বৃটেইন আৰু নিউজিলেণ্ডত 'নেশ্বনেল ফ্লেশ্বফিক্‌শ্যন ডে'(National Falsh Fiction Day) পালন কৰালৈ চাই এটা কথা নিশ্চিতকৈ ক'ব পাৰি যে  বিশ্ব সাহিত্য জগতত বৰ্তমান অণুগল্প অতি জনপ্ৰিয় হৈ পৰিছে৷

      আমাৰ চুবুৰীয়া বাংলা সাহিত্যতো অণুগল্প’-ৰ ধাৰণাটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে৷ বহুতৰ মতে কবিগুৰু ৰবীন্দ্ৰ নাথেই বাংলা সাহিত্যত এই ধাৰাৰ আৰম্ভনি কৰিছিল ৷ ’গল্পগুচ্ছ’ তেখেতৰ অণুগল্পৰ সংকলন৷ আধুনিক বাংলা সাহিত্যত অণুগল্পৰ প্ৰধান লেখক হৈছে বনফুল৷

  অণুগল্পৰ বৈশিষ্ট্য:

১) কম পৰিসৰত বিশাল সত্যৰ উন্মোচন

২)আৰম্ভণি, মধ্যভাগ আৰু এটা সামৰণি থকা প্ৰয়োজন

৩)শেষত এটা ক্লাইমেক্স অণুগল্পৰ অন্যতম বৈশিষ্ট্য৷

৪) কাহিনী থাকিবও পাৰে আথবা নাথাকিবও পাৰে

৫) নিৰ্মেদ অৰ্থাৎ বৰ্ণনাৰ বাহুল্য থাকিব নালাগিব৷

৬) কিছু কথা আবুৰত ৰাখি পাঠকক ভবাৰ অৱকাশ দিয়া ৷

৭) শব্দৰ ব্যৱহাৰত মিতব্যয়িতা৷

    ওপৰত উল্লেখ কৰা কেইটাৰ বাহিৰেও আৰু কিছু বৈশিষ্ট্য হয়তো থাকিব পাৰে৷ গল্প আৰু অণুগল্পৰ মাজত প্ৰধান প্ৰাৰ্থক্য হৈছে গল্প যদি মানৱ জীৱনৰ কিছুমান ঘটনাক লৈ লিখা হয়, তেন্তে অণুগল্প লিখা হয় মানুহৰ জীৱনৰ কিছুমান মূহুৰ্তক লৈ৷


          অসমীয়া সাহিত্যত এই ধাৰাটোৰ চৰ্চা আজি কিছুদিন আগলৈকে প্ৰধানতঃ ফেইচ্‌বুকতেই সীমাবদ্ধ আছিল যদিও শেহতীয়াকৈ কিছু কিছু কাকত-আলোচনীত ইয়াক প্ৰকাশ কৰিবলৈ লোৱাটো অৱশ্যেই আশাব্যঞ্জক কথা৷ তথাপি এইখিনিতে এটা কথা কবই লাগিব যে হাতী মাৰি ভুৰুকাত ভৰোৱাটো যেনেকৈ সহজসাধ্য নহয়, ঠিক তেনেকৈ এটা সাৰ্থক অণুগল্প লিখাও বৰ সহজ নহয়৷ ইয়াৰ বাবে সাধনাৰ লগতে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন৷ সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যত এই ধাৰাটোৰ চৰ্চা সামাজিক মাধ্যমতে হওক অথবা ছপা মাধ্যমতে হওক যথেষ্ট সংখ্যক লেখকে কৰি আছে৷ সাহিত্যৰ আন আন ধাৰাত (উদাহৰণস্বৰূপে কবিতা, গল্প আদিত), যেনেকৈ উচ্চমানৰ সৃষ্টিৰ লগতে নিম্নমানৰ সৃ্‌ষ্টিও আছে, ঠিক সেইদৰে অণুগল্পৰ ধাৰাটোতো বহুতো নিম্নমানৰ সৃষ্টি হৈছে৷ কিন্তু সেইবুলিয়েই গোটেই ধাৰাটোকে নসাৎ কৰি পেলাব নোৱাৰি৷ আশা ৰাখিছোঁ, অনাগত দিনত এই ধাৰাৰ চৰ্চাকাৰীসকলে প্ৰচুৰ অধ্যয়ন আৰু চৰ্চাৰ জৰিয়তে আমাক উচ্চমানৰ, চিত্তাকৰ্ষক অণুগল্প দিবলৈ সক্ষম হব৷  
                                                                                           
ৰচনাকাল : ০৭/০৫/২০২০  


*লেখাটো যুগুতাওঁতে ইন্টাৰনেটত উপলব্ধ বিভিন্ন প্ৰবন্ধৰ সহায় লোৱা হৈছে৷

বি: দ্ৰ: অনুগ্ৰহ কৰি তলৰ কমেণ্ট বক্সত লেখাটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব৷
     


Post a Comment

4 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.