Type Here to Get Search Results !

ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আৰু অসম

0



যোৱা ১১.১২.২০১৯ তাৰিখে, অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ আগদিনা, কোনো হৈ-চৈ নোহোৱাকৈ, খুউব সন্তৰ্পণে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৭২() অনুচ্ছেদৰ অধীনত প্ৰাপ্ত ক্ষমতাৰ প্ৰয়োগেৰে অসমত বলবৎ থকা আন এখন অধিনিয়ম (Regulation)-ৰো সংশোধন কৰিছিল৷ সেই অধিনিয়মখন হৈছে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩৷ ১৮৭৩ চনত অসমখন বেংগল প্ৰেছিডেন্সিৰ অন্তৰ্গত হৈ থকাৰ সময়তে সেই সময়ৰ বৃটিছ চৰকাৰে অসমত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩খন বলবৎ কৰিছিল৷ অধিনিয়মৰ প্ৰস্তাৱনা অনুসৰি সেই সময়ৰ কামৰূপ, দৰং, নগাওঁ, শিৱসাগৰ, লখিমপুৰ(গাৰো পাহাৰ), খাচি আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ আৰু কাছাৰ জিলাত ই প্ৰযোজ্য আছিল৷ এই অধিনিয়মৰ ২নং দফা অনুযায়ী ৰাজ্য চৰকাৰে গেজেট নটিফিকেশ্বনৰ জৰিয়তে ওপৰোক্ত জিলা কেইখনত আন্তঃৰাজ্যিক পাৰপত্ৰ Inner Line Permit) ব্যৱস্থা প্ৰৱৰ্তন আৰু কৰ্তন কৰিব পাৰিব৷ তদুপৰি ইয়াৰ ৭ নং দফা অনুযায়ী ৰাজ্য চৰকাৰৰ পূৰ্ব অনুমতি অবিহনে কোনো বহিৰাগত লোকে এই জিলাকেইখনত ভূসম্পত্তি ক্ৰয় কৰিব নোৱাৰিব৷ দেশ স্বাধীন হোৱাৰ পাছত ভাৰতীয় সংবিধানে ৩৭২()অনুচ্ছেদ অনুসৰি এডাপ্টেশ্বন অব ল’-ৰ জৰিয়তে উল্লিখিত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩খন ভাৰতীয় আইন ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰিলে৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে, যোৱা ১১.১২.২০১৯ তাৰিখে আৰম্ভনিতে কৈ অহা সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে অসমক এই অধিনিয়মৰ আওতাৰ বাহিৰলৈ আনি তাৰ ঠাইত মণিপুৰক ইয়াৰ অন্তৰ্ভুক্ত কৰিলে৷ যি সময়ত বহিৰাগতৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ মণিপুৰ চৰকাৰে দাবী জনাই মণিপুৰক এই অধিনিয়মৰ আওতালৈ আনিছে, মেঘালয়ৰ ৯০% অঞ্চল ষষ্ঠ অনুসূচীৰ অন্তৰ্গত হোৱাৰ স্বত্ত্বেও মেঘালয় চৰকাৰে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩’-ৰ প্ৰস্তাৱনাত মেঘালয়ৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে, আনকি  আন্দামান নিকোবৰতো আই এল পি প্ৰৱৰ্তনৰ দাবী উঠিছে, তেনে সময়ত অবৈধ প্ৰব্ৰজনৰ সমস্যাৰে জৰ্জৰিত অসমক এই অধিনিয়মৰ আওতাৰ বাহিৰলৈ ঠেলি পঠিওৱাটো স্পষ্টতঃ এক অন্যায়৷ কিন্তু আশ্চৰ্যৰ কথা যে এই অন্যায়ৰ বিৰুদ্ধে অসমৰ সকলো দল, সংগঠন যিদৰে সোচ্চাৰ হৈ পৰিব লাগিছিল, তেনেদৰে হোৱা নাই৷

এতিয়া প্ৰশ্ন হয়, খিলঞ্জীয়া অসমীয়াসকলৰ বাবে এক ৰক্ষাকৱচ কৰি তুলিব পৰাৰ পূৰ্ণ সম্ভাৱনা থকা এনে এখন অধিনিয়ম চৰকাৰে গেজেট নটিফিকেশ্বন যোগে কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে অসাংবিধানিকভাৱে সংশোধন কৰি অসমক ইয়াৰ আওতাৰ পৰা বাহিৰলৈ আনিলে কিয়? কাৰণ এয়ে যে নাগৰিকত্ব সংশোধনী আইন ২০১৯’(CAA)-  B()দফা অনুযায়ী বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩ৰ অধীনত ইনাৰ লাইন প্ৰযোজ্য অঞ্চলসমূহত এই আইন (CAA)প্ৰযোজ্য নহব৷ যিহেতু কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিবলৈ বদ্ধ পৰিকৰ, গতিকে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭২() অনুসৰি ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰয়োগ কৰি হলেও বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩খন  সংশোধন কৰি অসমক ইয়াৰ আওতাৰ বাহিৰলৈ আনি অসমত কা’ (CAA)প্ৰযোজ্য কৰিহে এৰিলে, যিটো সম্পূৰ্ণভাৱে অসাংবিধানিক৷ এই সংশোধনটোক অসাংবিধানিক বুলি এইবাবেই কোৱা হৈছে যে যিকোনো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭২()অনুসৰি গ্ৰহণ কৰা কোনো আইন যদি সংশোধন অথবা সালসলনি কৰিব লগা হয়, তেন্তে সেই সংশোধন ৰাষ্ট্ৰপতিয়ে সংবিধান কাৰ্যকৰী হোৱাৰ তিনিবছৰৰ ভিতৰত কৰিব লাগিব৷ অৰ্থাৎ এনে সংশোধনৰ সময়সীমা ১৯৫৩ চন পৰ্যন্তহে৷ ১৯৫৩ চনৰ পাছত ৰাষ্ট্ৰপতিৰ এনে সংশোধনৰ ক্ষমতা সম্পূৰ্ণৰূপে অপ্ৰাসংগিক হৈ পৰিল৷

আদিতে বৃটিছ চৰকাৰে নিজৰ সুৰক্ষাৰ বাবে এই অধিনিয়মৰ প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমানে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰক্ষাকৱচ হৈ পৰা এই ব্যৱস্থা ১৯০৬ চনৰ ৬ জুনত সেই সময়ৰ কামৰূপ জিলাত, ৭ জুনত গোৱালপাৰা জিলাত, ১৯৩৪ চনৰ ৪ জানুৱাৰিত শিৱসাগৰ জিলাত আৰু পাছলৈ বালিপাৰা ফ্ৰণ্টিয়াৰ এলেকা, লখিমপুৰ ফ্ৰণ্টিয়াৰ এলেকা আৰু শদিয়া ফ্ৰণ্টিয়াৰ এলেকাত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল৷ উল্লেখযোগ্য যে বৃটিছ অসমৰ এই জিলাসমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় অংশকে সামৰি লৈছিল৷ নগা হিলছ্‌ আৰু লুচাই হিল্‌ছ্‌ত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন হয় ১৯২৯ আৰু ১৯৩০ চনত৷ পাছলৈ অৱশ্যে পাৰ্বত্য অঞ্চলকেইটাতহে ব্যৱস্থাটো বৰ্তি থাকিল৷
 অসমখন ইনাৰ লাইন অঞ্চলৰ অন্তৰ্গত হোৱা স্বত্তেও স্বাধীনতাৰ ইমান বছৰৰ পাছতো কোনো এখন চৰকাৰে নটিফিকেশ্বন যোগে ইয়াক প্ৰৱৰ্তন কৰাৰ সদিচ্ছা নেদেখুৱাটো আশ্চৰ্যৰ বিষয়৷ আজি অসমৰ ভাষা-সংস্কৃতিৰ লগতে জনগাঁথনিলৈকো যি ভাবুকি আহিছে, এই অধিনিয়মৰ কাৰ্যকাৰিতাই কিছু পৰিমাণে হলেও ৰোধ কৰিবলৈ সক্ষম হলহেতেন৷ তেনেস্থলত চৰকাৰে ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে অসমক তেনে এখন অধিনিয়মৰ আওতাৰ বাহিৰলৈ ঠেলি দিয়াটো অত্যন্ত পৰিতাপৰ কথা৷

অসমক যদি পুনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩ৰ অধীনত ইনাৰ লাইন অঞ্চলৰ অন্তৰ্ভুক্ত  কৰা হয়, তেন্তে তাৰ পৰা হব পৰা লাভৰ ভিতৰত প্ৰধান লাভটো হৈছে - অসমত নাগৰিকত্ব সংশোধনী আইন ২০১৯ অৰ্থাৎ কাখন প্ৰযোজ্য নহব৷ ইয়াৰ ফলত হব পৰা দ্বিতীয়টো লাভ হৈছে যে বহিৰাজ্যৰ লোকসকল পাৰপত্ৰ নোহোৱাকৈ অসমলৈ আহিব নোৱৰাৰ লগতে চৰকাৰৰ অনুমতি নোহোৱাকৈ ইয়াত কোনোধৰণৰ ভূসম্পত্তি ক্ৰয় কৰিব নোৱাৰিব৷ অসমৰ ভূমি (বিশেষকৈ চহৰাঞ্চলৰ) যি হাৰত বহিৰাগতৰ হাতলৈ গৈ আছে, এদিন হয়তো কেৱল মাত্ৰ ভিতৰুৱা অঞ্চলতহে খিলঞ্জীয়া অসমীয়াক বিচাৰি পোৱা যাব৷ গতিকে অসমত ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত এনে নীতিৰ প্ৰয়োজন অনস্বীকাৰ্য৷

খিলঞ্জীয়া অসমীয়াসকলৰ ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ নিশ্চিতিৰ লগতে অসমক নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ আওতাৰ বাহিৰলৈ আনিবলৈ হলে অসমক পুনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩ৰ অধীনৰ ইনাৰ লাইন অঞ্চলৰ অন্তৰ্ভুক্ত কৰাব লাগিব৷ অসমৰ জনতাৰ চিঞৰলৈ তিলমানো কেৰেপ নকৰা চৰকাৰখনৰ যে এই ব্যৱস্থা প্ৰৱৰ্তনৰ যে কোনো সদিচ্ছা নাই, সেযা ধূৰুপ৷ তেনে পৰিপ্ৰেক্ষিতত এইটো কথা স্পষ্ট হৈ পৰিছে যে কোনো ধৰণৰ আন্দোলনৰ যোগেদি (সেয়া লাগিলে ৰাজপথৰেই হওক অথবা খেলপথাৰৰ)ইয়াক হাচিল কৰাটো সম্ভৱ নহব৷ গতিকে, এতিয়া অসমৰ ৰাইজৰ হাতত থকা একমাত্ৰ পথটো হৈছে ১১.১২.২০১৯ তাৰিখৰ সংশোধনক অসাংবিধানিক বুলি ঘোষনা কৰি ৰদ কৰাবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো৷ ইতিমধ্যে ATASU-ৰ যোৰহাট জিলা সমিতিয়ে যোৱা ১৩.০২.২০২০ তাৰিখে উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন লেখ আবেদন দাখিল কৰিছে৷ সাম্প্ৰতিক পৰিস্থিতিত সমস্যাজৰ্জৰ অসমৰ পৰিত্ৰাণৰ বাবে বৃটিছ প্ৰৱৰ্তিত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্বন ১৮৭৩খনেই হৈ পৰিছে মকৰধ্বজস্বৰূপ৷   

                                                                         ৰঞ্জুমণি মহন্ত 
   

Post a Comment

0 Comments