Type Here to Get Search Results !

পদ্মপ্ৰিয়া আই - অসমৰ প্ৰথম মহিলা লেখিকা

0

  ৰঞ্জুমণি মহন্ত


       ষোড়শ শতিকাত, যি সময়ত সমগ্ৰ বিশ্বতে মহিলা লেখিকাৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিল, সেই সময়তে, ‘শংকৰী যুগৰ’ শেষ ভাগত, নানা গীত, পদ, ঘোষা ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱা প্ৰথম মহিলা গীতি-কবি, সাহিত্যিক গৰাকী হৈছে, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰপন্ন শিষ্য ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা পদ্মপ্ৰিয়া আই । মৌখিক অথবা লৌকিক সাহিত্যৰ যুগত, তেখেতৰ পূৰ্বে যদি আন কোনো মহিলা কবি আছিল, সেই সকলৰ বিষয়ে এতিয়ালৈকে জনা নাযায় ।


        আজিৰ পৰা চাৰিশ বছৰ পূৰ্বে যি সময়ত স্ত্ৰী-শিক্ষাৰ কোনো আনুস্থানিক ব্যৱস্থা নাছিল, সেই সময়তে পিতৃৰ তত্বাৱধানত পৰিয়ালৰ ভিতৰতে তেখেতে শিক্ষা গ্ৰহন কৰাই নহয়, মহাপুৰুষ দুজনা আৰু পিতৃ গোপালদেৱৰ গীত, পদ সমুহ চৰ্চা কৰাৰ উপৰিও নিজেও বহুখিনি গীত, পদ ৰচনা কৰি থৈ গৈছে । তেখেতে ৰচনা কৰি যোৱা গীত, পদ সমুহ যোৱা চাৰে তিনিশ বছৰ কাল সংহতিৰ সত্ৰ সমূহত মুখে মুখে প্ৰচলিত হৈ আহিছে।


       ধৰ্ম প্ৰচাৰ কাৰ্যত সক্ৰিয়ভাৱে জড়িত নাছিল যদিও পদ্মপ্ৰিয়া আই শংকৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ নাম ধৰ্মত বিশ্বাসী আছিল । সেই কথা তেখেতৰ গীত-পদ সমুহৰ পৰাই অনুধাৱন কৰিব পাৰি ।


      পদ্মপ্ৰিয়া আইৰ জন্মৰ চন সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও ১৫৭০ ৰ পৰা ১৫৭৫ চনৰ ভিতৰতে তেখেতৰ জন্ম হৈছিল বুলি অনুমান কৰা হৈছে । পদ্মপ্ৰিয়া আইৰ বিষয়ে গোপাল আতাৰ এজন চৰিতকাৰ হৰিবল্লভে এনেদৰে কৈ গৈছে –


     পদ্মপ্ৰিয়া নামে ভৈলা গোপালৰ নন্দিনী ।


      অতি ৰূপৱতী গুণৱতী যশস্বিনী ।।


      আই সকলৰ প্ৰসঙ্গত সমুদায় ।


      হৰি নাম লগাৱন্ত হুয়া নম্ৰকায় ।।


      কোকিলৰ স্বৰযেন কণ্ঠ সুললিত ।


      শুনি সকলোৰে উৎফুল্লিত চিত ।।


    এই পদ কেইফাঁকিৰ পৰা জানিব পৰা যায় যে পদ্মপ্ৰিয়া আই ৰূপৱতী, গুণৱতী, যশস্বিনী আৰু নম্ৰ স্বভাৱৰ অধিকাৰী হোৱাৰ লগতে সুললিত কণ্ঠৰ অধিকাৰী আছিল । তদুপৰি এই ঘোষা কেইফাঁকিৰপৰা এইটোও প্ৰতীয়মান হয় যে সেই সময়তো আইসকলে  নাম-প্ৰসঙ্গ কৰিছিল । বৰপেটাৰ কীৰ্ত্তনঘৰত আইসকলৰ নাম-প্ৰসঙ্গ পদ্মপ্ৰিয়া আইৰ সময়ৰ পৰাই আৰম্ভ হ’ল বুলি ভবা হয় ।


    পদ্মপ্ৰিয়া আইৰ বৈবাহিক জীৱন সম্বন্ধে আজিলৈকে কোনো স্পষ্ট মত পোৱা নাযায় । গোপাল আতাৰ চৰিতত পোৱা মতে আতাই প্ৰথমে পদ্মপ্ৰিয়া আইক সৰু যদুমণি দেৱলৈ দিবলৈ মানস কৰিছিল । কিন্তু সৰু যদুমণি দেৱে গুৰু কন্যা হোৱা হেতুকে বিয়া কৰাবলৈ সন্মত নহ’ল, বৰঞ্চ মাতৃজ্ঞান কৰি ভৰিত চুই সেৱাহে জনালে ।


   কোনো কোনোৱে পদ্মপ্ৰিয়া আই চিৰকুমাৰী আছিল বুলি মত পোষণ কৰাৰ বিপৰীতে আন কোনোৰ মতে তেখেত এজন শাক্ত ধৰ্মীয় যুৱকৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু ধৰ্মীয় আদৰ্শৰ অমিল হোৱা হেতুকে চিৰদিনৰ বাবে পতিগৃহ ত্যাগ কৰি তেখেতে পিতৃগৃহত থাকিবলৈ লয় আৰু সেই কালচোৱাতে ব্যক্তিত্বশালী পিতৃৰ অনুপ্ৰেৰণাত সাহিত্য চৰ্চাত মনোনিৱেশ কৰে ।


      পদ্মপ্ৰিয়া আইৰ ৰচনা সমূহত আধ্যাত্মিক ভাব মূৰ্তমান । বৈষ্ণৱ মতাদৰ্শৰ ওপৰত প্ৰতিস্থিত তেখেতৰ ৰচনাৰাজিত সংসাৰৰ অনিত্যতাৰ উপৰিও গুৰু দুজনাৰ লগতে পিতৃ গোপালদেৱৰ বন্দনা প্ৰকাশ পাইছে । যিসময়ত দেশৰ ১০০% মহিলা  নিৰক্ষৰ আছিল, তেনে সময়তে পদ্মপ্ৰিয়া আয়ে গীত, পদ, ঘোষা আদি ৰচনা কৰি অসমীয়া সাহিত্য চহকী কৰি থৈ যোৱাই নহয় প্ৰথমগৰাকী মহিলা কবি হোৱাৰ বিৰল কৃতিত্বও অৰ্জন কৰি থৈ গৈছে ।


 


সহায়ক গ্ৰন্থ :


·        গোপালদেৱৰ গীত ঘোষা ও পদ্মপ্ৰিয়া আই গীত ঘোষা


·        মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ চৰিত্ৰ


·        কথাৰ সাগৰ শ্ৰীশ্ৰী গোপালদেৱ


·        শ্ৰীশ্ৰী গোপালদেৱ    

  

 (প্ৰবন্ধটি ইতিপূৰ্বে   ’প্ৰান্তিক’  -ত প্ৰকাশিত)

Post a Comment

0 Comments