Type Here to Get Search Results !

॥বীক্ষা ॥

0
বীক্ষা ॥
               
ৰঞ্জুমণি মহন্ত ॥

কত যুগৰ অন্বেষণ !

বৃন্দাৱনৰ মাজে-মাজে ,
বোধিদ্ৰুমৰ আশে-পাশে ।
অথবা ,
মক্কা-মদিনাৰ 
চিৰিলা-চিৰিল খেজূৰৰ ছাঁত ।

উপনিষদৰ শ্লোকে শ্লোকে,
ত্ৰিপিটকৰ পাতে পাতে ,
কোৰাণৰ চুৰাই চুৰাই 
বিচাৰি ফুৰিলোঁ তোক 
যুগ-যুগান্তৰ ।

হেৰুৱাই পেলালোঁ নিজক
বহু যুগৰ ব্যৰ্থতাত ।

এতিয়া, নিজক বিচাৰি 
খেপিয়াই চালোঁ ।

আৰু কি আচৰিত !
হিয়াজুৰি মাথোঁ তোকেই পালোঁ ।

Post a Comment

0 Comments