Type Here to Get Search Results !

॥ জোনাকীমালিকা॥

0
জোনাকীমালিকা
                            
ৰঞ্জুমণি মহন্ত ॥


সেইনিশা শেতেলিত 
দোৰোল খাই পৰিছিল 
এখিৰিকী জোনাক 
আৰু সেই জোনাকত ডুবি 
তাই পি খাইছিল 
জোলোকা - জোলোকে
দুখৰ আসৱ ।

তামোল পাতৰ ফাঁকেৰে  
জোনটোৱে তাইলৈ
ৰ লাগি চাইছিল ।
মাতাল তাইজনীক
সি নিচুকাইছিল 
আৰু ওমলাইছিল 

ওৰেৰাতি 
জোনটো সাৰে আছিল
আৰু সাৰে আছিল তাই ।
পুৱাৰ বেলিটোৱে 
এই কথাৰ গমকে নাপায় । 

-----------------------

Post a Comment

0 Comments