Type Here to Get Search Results !

আত্মালাপ

0
আত্মালাপ ॥
         
ৰঞ্জুমণি মহন্ত ॥

সাৰে ৰয়
দুটি জোনাকী

ওৰেৰাতি ।

উখল-মাখল বুকুত 
ভাবনাৰ অগা-ডেৱা ।

ভঙা -গঢ়া,
দিয়া- লোৱা,
পোৱা- নোপোৱা 
আৰু পাই হেৰুওৱা ।

পাৰ হৈ যায় 
কত ছায়াছবি ,
জীৱনৰ।

জোন উঠে 
জোন ঢলে ।

ওৰেৰাতি সাৰে ৰয়
দুটি জোনাকী,
জীৱন জ্বলাই ।




Post a Comment

0 Comments