Type Here to Get Search Results !

॥ জীৱন ॥

0
॥ জীৱন ॥
              ✍ ৰঞ্জুমণি মহন্ত ।


এনেকৈ,
কেনেকৈ হাঁহি থাকা
বুকুত বন্ধ্যা আশাৰ ভৰ লৈ ।

হৃদয়ৰ নিৰ্জনতাত
স্তনিত হতাশা,
মৃত নক্ষত্ৰৰ চিৎকাৰ ।
একাকীত্বৰে ভৰুণ
জীৱনৰ পানপাত্ৰ,
শূন্যতাৰ অন্তহীন আবদাৰ ।

এনেকৈ ,
কেনেকৈ গাব পাৰা
জীৱনৰ গান
জীৱনতো নহয় কোনো 
ৰাগত বন্ধা গীত
অথবা
গাণিতিক সমীকৰণ ।

জীৱন মানেইটো
স্বপ্নৰ ভগ্নাৱশেষ ।
এক অলিখিত দলিল ,
পোৱা-নোপোৱাৰ ।

Post a Comment

0 Comments