Type Here to Get Search Results !

॥ অন্বেষণ ॥

0
॥ অন্বেষণ ॥
              ✍ ৰঞ্জুমণি মহন্ত ।

কত দিন
দেশে দেশে , প্ৰান্তে প্ৰান্তে ,
বিচাৰি ফুৰিছো,
ক'ত মোৰ সেই চিৰাকাংক্ষিত সম্পদ !
প্ৰেমৰ গন্ধ,
স্নেহৰ উত্তাপ ।
অ' মোৰ উশাহ !

কতবাৰ বিচাৰিলো ,
মোৰ দেশৰ মন্দিৰ
অথবা মছজিদৰ পথত ।

চিৰিয়াৰ শত গৃহহাৰা,
শাৰী শাৰী মৃতদেহৰ মাজত
লুণ্ঠিতৰ চিৎকাৰ ,
ইৰাকৰ মৃত্যুৰ কিৰিলিত
ৰুদ্ধদ্বাৰত হাহাকাৰ !

কংগোৰ অংগচ্ছেদিতৰ ৰক্তত
ধৰ্ষিতাৰ উচুপনিত
নাছিল চীনৰ দমনপীড়িত বনুৱাৰ হুমুনিয়াহত
অথবা মেক্সিকোৰ মুণ্ডহীন দেহত
কিম্বা শত নিৰুদ্দিষ্টৰ পথহীনতাত ।

অ' মোৰ উশাহ !
প্ৰেমৰ গন্ধ ,
স্নেহৰ উত্তাপ !

সকলোতে দেখো ভূলুণ্ঠিত ।
তেন্তে ?
ক'ত মোৰ সেই চিৰন্বেষিত মানবতা ?

Post a Comment

0 Comments