'কা' বিৰোধী আন্দোলন আৰু কিছু প্ৰাসংগিক চিন্তা
ৰঞ্জুমণি মহন্ত
স্নেপশ্বট-১
ৰাজপথত যুৱকৰ দল এটাই টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে৷ বিভিন্ন শ্ল’গানেৰে উত্তাল হৈ আছে পৰিৱেশ৷ বিপৰীত দিশৰ পৰা স্কুটি চলাই আহিছে এগৰাকী যুৱতী৷ প্ৰতিবাদ থলীৰ ওচৰ পাই যুৱতীগৰাকীয়ে উপৰ্যুপৰি স্কুটিৰ হৰ্ণ দিয়াৰ লগতে বেপৰোৱা ভংগীৰে প্ৰতিবাদকাৰীসকলক কৈছে- ‘ডিউটি আছে যাবলৈ দিয়ক’ ৷ কণ্ঠত সামান্যতমো অনুৰোধৰ ৰেশ নাই৷আন্দোলনকাৰীসকলৰ প্ৰতি কণমানো সৌজন্যতা প্ৰদৰ্শণ কৰাৰ কোনো প্ৰয়োজনবোধ নাই যুৱতীয়ে৷ অৱধাৰিতভাৱেই প্ৰতিবাদকাৰীসকলৰ সৈতে খণ্ডযুদ্ধ আৰু এক অবাঞ্চিত পৰিস্থিতি৷
ঠিক কিছু সময়ৰ পাছতে সেই একে পথেৰে দুজন যুৱক অহিল বাইকেৰে৷ মুখামুখি হ’ল পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীসকলৰ৷ তেওঁলোকক দেখাৰ লগে লগে যুৱক দুজন দূৰতে বাইকৰ পৰা নামিল৷ কিছুপৰ তেওঁলোকৰ লগত সহযোগিতা কৰি পুনৰ গন্তব্যস্থানলৈ বুলি গুচি গ’ল কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ৷প্ৰতিবাদকাৰীসকলৰ কোনেও তেওঁলোকক বাধা প্ৰদান নকৰিলে৷
স্নেপশ্বট-২
বৰযাত্ৰীৰ দল এটা কইনাৰ ঘৰলৈ গৈ আছে৷ বাটতে আন্দোলনকাৰীৰে ভেটাভেটি৷ গাড়ী ৰাখি সকলো বৰযাত্ৰীক অপদস্থ কৰিয়েই ক্ষান্ত নাথাকি দৰা যোৱা গাড়ীখনৰ বাহিৰে বাকীসকলক যাবলৈ বাধা প্ৰদান৷ ৰাতিখন মাজ ৰাষ্টাত ভোকে-পিঁয়াহে কেঁচুৱাৰে পৰা বৃদ্ধলৈকে সকলো যাত্ৰীৰে নাজল-নাথল অৱস্থা৷ ভাগ্যে যেনিবা সেনাবাহিনীৰ লোকে ঘটনাটো জানিব পাৰি ওচৰতে থকা তেওঁলোকৰ ছাউনীত আশ্ৰয় দিয়াৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিয়াতহে ৰক্ষা৷
কেউটা আছিল কেব(CAB)গৃহীত হোৱাৰ আগৰেপৰা কা(CAA) হোৱাৰ পাছতো বৰ্তমানেও ৰাজ্যজুৰি চলি থকা আন্দোলনটোৰ মাজৰ কেইটামান দৃশ্যপট৷ প্ৰথমটো দৃশ্যত যুৱতীগৰাকীয়ে যদি পোনচাটেই বেপৰোৱা মনোভাৱ নলৈ আন্দোলনটোৰ প্ৰতি তেওঁৰ সমৰ্থন প্ৰদৰ্শন কৰি(যদি সমৰ্থন কৰে)আন্দোলনকাৰী যুৱকসকলৰ প্ৰতি যদি সামান্যতমো সৌজন্যতা প্ৰদৰ্শন কৰিলেহেতেন, তেন্তে হয়তো কোনোধৰনৰ অবাঞ্চিত পৰিস্থিতিৰ সৃ্ষ্টিয়েই নহ’লহেতেন৷ কোনো দুষ্কৃতিকাৰীক আমি্য়ো প্ৰশ্ৰয় নিদিওঁ৷ কিন্তু কোনো ধৰণৰ হিংসাত্মক কাৰ্যপন্থা নোলোৱাকৈ জাতিৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহা আমাৰেই ল’ৰাহঁতক তুচ্ছ-তাচ্ছিল্য কৰি অৱমাননা কৰা উচিত নহয়৷ অন্ততঃ সিমানকণ সন্মান তেওঁলোকৰ নিশ্চয়কৈ প্ৰাপ্য৷
এতিয়া আহোঁ দ্বিতীয়টো ঘটনালৈ৷ এনেবোৰ ঘটনা আন্দোলনটোৰ বাবে মুঠেই মংগলজনক নহয়৷ এখন বিয়া এদিনীয়া কথা নহয়৷ কেইবা মাহযোৰা প্ৰস্তুতি, দুটা পৰিয়ালৰ বহু আশা-আকাংক্ষা, আৱেগ-অনুভূতি আৰু বৃহৎ পৰিমাণৰ অৰ্থ-কড়িৰ কথা ইয়াত জড়িত হৈ থাকে৷ এই কথাবোৰ আন্দোলনকাৰীসকলে মনত ৰখা ভাল৷ নহলে ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ দৰে এই ধৰণৰ ঘটনাৰ ফলত সৰ্বসাধাৰণ মানুহৰ মনত সৃষ্টি হোৱা তিক্ততাই লাহে লাহে আন্দোলনটোত কুপ্ৰভাৱ পেলাব৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে চলাই থকা এই আন্দোলনটোত যাতে কোনো অসমীয়াই জীয়াতু ভুগিব লগা নহয়, তাৰ বাবেও আন্দোলনকাৰীসকল সচেষ্ট হোৱা প্ৰয়োজন৷ নহ’লে আন্দোলনটোক কুপথে পৰিচালিত কৰিবলৈ অহৰহ চেষ্টা চলাই থকা অপশক্তি কিছুমানে ইয়াৰ সুবিধা গ্ৰহন কৰি সাধাৰণ মানুহক অন্দোলনটোৰ বিপক্ষে প্ৰৰোচিত কৰিব৷
আজি অসমীয়াই পুনৰ যি সংগ্ৰাম আৰম্ভ কৰিব লগা হ’ল, এই সংগ্ৰাম যে দীঘলীয়া হ’ব, সেয়া ধূৰুপ৷ দীৰ্ঘ সময়ৰ বাবে চলাই নিব লগীয়া এই আন্দোলনটোলৈ সৰ্বসাধাৰণ ৰাইজ ওলাই অহাটো যথেষ্ট আশাব্যঞ্জক কথা৷ এই গণশক্তিক সঠিক দিশত পৰিচালিত কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু শেহতীয়াকৈ আন্দোলনটোৰ নেতৃত্বক লৈ এক খোৱা-কামোৰাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে৷ সকলো 'কা’ বিৰোধী দল সংগঠন একেলগ হোৱাৰ পৰিৱৰ্তে বহুধা বিভক্ত হৈ পৰিছে৷ জাতিৰ স্বাৰ্থৰ নামত ব্যক্তিগত লাভালাভৰ অংক কৰাত সকলো মত্ত হৈ পৰিছে৷ নতুন ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ চলি থকাৰ প্ৰাক্ মূহুৰ্তত আন্দোলনৰ ক্ৰেডিট যাতে নিজৰ পৰা আনলৈ নাযায়, তাৰ বাবে বোকা চটিওৱাৰ খেল আৰম্ভ হৈ গৈছে৷ এই সুযোগৰ সৎ ব্যৱহাৰ কৰি ডিভাইদ এণ্ড ৰুলত বিশ্বাসী শাসকপক্ষই টোপৰ ৰাজনীতি কৰি আন্দোলনটোৰ কঁকাল ভাঙি পেলাবলৈ যে চেষ্টা কৰিব সেয়া নিশ্চিত৷ গতিকে সময় থাকোঁতেই সকলো 'কা' বিৰোধী দল-সংগঠন একেলগ হৈ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি, এই বৃহৎ গণআন্দোলনটো সঠিক দিশত আগবঢ়াই লৈ যাবলৈ চেষ্টা নকৰিলে, সকলো যে ফুটুকাৰ ফেন হ’ব সেয়া নিৰ্ঘাত৷
২০/১২/২০১৯
প্ৰত্যেকজন অসমীয়াই CAB আৰু CAA বিৰোধী আন্দোলনৰ মাজেৰেই আমাৰ মাতৃভাষা তথা আমাৰ সাহিত্য সংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু উত্তৰণৰ ভূমিকা গ্ৰহণ কৰা উচিত । আমাৰ অৱগুণ কিছুমান এৰাই চলিব পাৰিব লাগিব, আমি অকল আমাৰ সমস্যা সমুহৰ কথাহে আলোচনা কৰো, কিন্তু সমস্যাৰ সমাধান বিচাৰি একো আলোচনাই নকৰো । কোনো বুদ্ধিজীৱীৰ মুখত আজিলৈকে নুশুনিলো যে আমাৰ প্ৰত্যেকখন বিদ্যালয়ত আমাৰ ছাত্ৰ-ছাত্ৰী সমূহৰ চিন্তাধাৰাবোৰ বিষ্ণুজ্যোতিৰ আভাৰে প্ৰকাশমান কৰি তোলা উচিত । এইবোৰ কথালৈ আমি আজিলৈকে মনোনিবেশ কৰিবলৈ নিশিকিলোঁ অথচ বঙালী ভাষা পৃথিৱীৰ ভিতৰত চতুৰ্থ ব্যৱহৃত ভাষা বুলি ভয় কিম্বা ঈৰ্ষা কৰা উচিত নে তেওঁলোকৰ ভাষা সচেতনতাৰ বিষয়ে কিছু অধ্যয়ন কৰি তেওঁলোকৰ আৰ্হিৰেই আমাৰ মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ যত্ন কৰা উচিত এই বিষয়ে কোনোবাই মুখ ফুটাই কৈছে জানোঁ আজিলৈ? আমি আজিলৈকে আমাৰ ভাষাটোক Google Translatorত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰিব নোৱাৰিলো,NVSP ৰ website কিম্বা CDAC ৰ দ্বাৰা পৰিচালিত auto-transliteration টোত অসমীয়া ভাষাৰ অবৈধ যুক্তাক্ষৰ বোৰ দেখি আমাৰ কোনোবাই এইবোৰ ক্ষেত্ৰত কিবা পদক্ষেপ জানো গ্ৰহণ কৰিছে? আমি যদি নিজেই নিজক সুৰক্ষিত কৰিব নাজানোঁ, নিজেই নিজক তুলি ধৰাৰ প্ৰয়াস নকৰোঁ, বীৰ লাচিত, মূলা গাভৰু, কনকলতা আদিৰ দৰে বৰেণ্য ব্যক্তি সকলৰ নাম লোৱা উচিত নহয়, কাৰণ তেওঁলোক আমাৰ দৰে সৰোপা নাছিল । যিয়েই নহওঁক বাইদেউ, আপোনাৰ লেখাখিনি পঢ়ি বহুত ভাল লাগিল ।
ReplyDeleteএকেবাৰে শুদ্ধ কথা কৈছে আপুনি৷ আমি আচলতে আন্দোলন কৰাৰ বাহিৰে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে একো কৰিব পৰা নাই৷ আমাক ৰাজনৈতিক আন্দোলনৰ সমান্তৰালভাৱে আন এটা আন্দোলন লাগিছিল৷ সামাজিক আন্দোলন৷ এই বিষয়ে ’অন্যযুগ’-ৰ ফেব্ৰুৱাৰি সংখ্যাত মোৰ এটা লেখা প্ৰকাশ পাব৷
Deleteলেখাটো পঢ়াৰ বাবে আপোনাক ধন্যবাদৰ লগতে কৃতজ্ঞতা জনালোঁ৷
Delete