ৰঞ্জুমণি মহন্ত
অজ্ঞানতাৰ বিপক্ষে জ্ঞানৰ, অশুভ শক্তিৰ বিপক্ষে শুভ শক্তিৰ আৰু আন্ধাৰৰ বিপক্ষে পোহৰৰ জয়ৰ বাৰ্তা কঢ়িয়াই অনা দেৱালী, দীপাৱলী অথবা দিপান্বিতা হিন্দুসকলৰ আটাইতকৈ বেছি জাক্জমকতাপূৰ্ণ আৰু জনপ্ৰিয় উৎসৱ। পদ্ম পুৰাণ, স্কন্দ পুৰাণকে আদি কৰি অন্যান্য প্ৰাচীন সংস্কৃত সাহিত্যত দীপাৱলীৰ কথা উল্লেখ থকালৈ চাই এই কথা সহজে অনুমান কৰিব পাৰি যে অতি প্ৰাচীন কালৰে পৰাই ভাৰতবৰ্ষত দীপাৱলী পালন কৰি অহা হৈছে। স্কন্দ পুৰাণৰ মতে দীপাৱলীৰ ‘চাকি’ হৈছে শক্তি আৰু পোহৰৰ উৎস সূৰ্যৰ প্ৰতীক।
হিন্দু কেলেণ্ডাৰ অনুসৰি দেৱালীৰ পাছদিনাৰ পৰাই নতুন বছৰৰ আৰম্ভ হয়। সাধাৰণতে
বিজয়া দশমীৰ ওঠৰ দিনৰ পাছত পালন কৰা এই উৎসৱৰ সৈতে জড়িত থকা ধৰ্মীয় বিশ্বাসসমূহ ঠাই
ভেদে কিছু পৃথক। পূব ভাৰতৰ হিন্দুসকলে, বিশেষকৈ বেংগলীসকলে
এই উৎসৱৰ সৈতে কালী পূজাৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰে আৰু দীপাৱলীৰ লগতে
মহাপয়োভৰেৰে কালী পূজাও পালন কৰে। আনহাতে তামিল, তেলেগু আৰু অসমৰ একাংশ হিন্দু ধৰ্মাৱলম্বী লোকে বিশ্বাস কৰে যে এই দিনটোতেই
ভগৱান শ্ৰীকৃষ্ণই কামৰূপৰ অত্যাচাৰী ৰজা নৰকাসুৰক বধ কৰিছিল। উত্তৰ ভাৰতৰ গৰিষ্ঠ
সংখ্যক হিন্দুধৰ্মী লোকে ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ সৈতে দীপাৱলীৰ
সম্পৰ্ক থকা বুলি বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি দেৱতা আৰু অসুৰসকলে
ক্ষীৰসমুদ্ৰ মন্থন কৰোঁতে এই দিনটোতেই লক্ষ্মীদেৱী উদ্ভূত হৈছিল। তদুপৰি পদ্ম
পুৰাণত উল্লেখ আছে যে এই দীপাৱলীৰ দিনটোতেই লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক পতিবৰণ
কৰিছিল। আন এক বিশ্বাস অনুসৰি সুদীৰ্ঘ চৈধ্য বছৰৰ বনবাসৰ অন্তত ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ অযোধ্যালৈ প্ৰত্যাৱৰ্তনৰ আনন্দত
অযোধ্যাৰ প্ৰজাবৰ্গই উদযাপন কৰা আনন্দোৎসৱৰ লগত দীপাৱলীৰ সম্পৰ্ক আছে। পশ্চিম
ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান বিষ্ণুৱে বামন অৱতাৰত ৰজা বলিক ছলন কৰি
পাতাললৈ খেদি পঠোৱা কাহিনীৰ লগত দীপাৱলীৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰে।
দীপাৱলী বা দেৱালী মূলতঃ হিন্দু ধৰ্মীয় উৎসৱ হ’লেও এই উৎসৱৰ সৈতে
বৌদ্ধ, শিখ আৰু জৈনসকলৰো কিছু ধৰ্মীয় বিশ্বাস জড়িত হৈ থকাৰ
হেতু তেওঁলোকেও অতি উলহ-মালহেৰে এই উৎসৱ পালন কৰে। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে
বিশ্বাস কৰে যে কলিংগ যুদ্ধৰ পাছত এই দিনটোতেই সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ
কৰিছিল আৰু তাৰেই স্মৃতিত তেওঁলোকে ‘অশোক বিজয়াদশমী’ নামেৰে দীপাৱলী
উৎসৱ পালন কৰি আহিছে। তদুপৰি, বজ্ৰযানপন্থী নেৱাৰ
বৌদ্ধসকলেও ‘তিহাৰ’ নামেৰে দেৱালী উৎসৱ পালন কৰি লক্ষ্মী পূজা পালন কৰে। শিখসকলে দীপাৱলী
পালন কৰাৰ অন্তৰালতো তেওঁলোকৰ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে। সম্ৰাট জাহাংগীৰে
অন্যান্য হিন্দু গুৰু কেইজনমানৰ সৈতে বন্দী কৰি ৰখা ষষ্ঠ শিখ গুৰু হৰগোবিন্দই এই
দিনটোতে মুক্তি লাভ কৰি অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ আহিছিল। তেওঁৰ মুক্তিৰ আনন্দতে এই
দিনটো ‘বন্দী চ’ৰ দিৱস’ হিচাপে শিখসকলে আজিও পালন কৰি আহিছে। আন এক বিশ্বাস অনুসৰি ১৭৩৭ চনত দেৱালীৰ দিনটোতে ভাইমানি
সিং নামে এজন শিখ পণ্ডিতে মোগল সম্ৰাটে অনামুছলমানসকলৰ ওপৰত আৰোপ কৰা কৰ দিবলৈ
অস্বীকাৰ কৰি শ্বহীদ হয়। তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপে এই দিনটোত বন্তি
প্ৰজ্বলন কৰি আহিছে। তদুপৰি কাৰিকৰী কামৰ সৈতে জড়িত শিখসকলে বিশ্বকৰ্মা পূজা
হিচাপে দেৱালী উদযাপন কৰে। দেৱালীৰ সৈতে জৈনসকলৰো ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে।
তেওঁলোকৰ গুৰু মহাবীৰ জৈনে এই দিনটোতে নিৰ্বাণ লাভ কৰিছিল। তেখেতৰ সন্মানাৰ্থে জৈন
ধৰ্মাৱলম্বী লোকসকলে দেৱালী পালন কৰি আহিছে।
ভাৰতৰ আন আন ঠাইত দীপাৱলী পাঁচদিনীয়াকৈ পালন কৰাৰ বিপৰীতে অসমত কোনো কোনোৱে এদিনীয়াকৈ, কোনো কোনোৱে দুদিনীয়া বা কেতিয়াবা তিনিদিনীয়াকৈ উৎসৱটো পালন কৰা দেখা যায়।
শক্তিৰ উপাসকসকলৰ বাবে এই উৎসৱৰ প্ৰথম দিনটো হৈছে ভূত চতুৰ্দশী। কালী পূজাৰ
আগদিনাক ভূত চতুৰ্দশী বুলি কোৱা হয়। সেই দিনা সন্ধিয়া ঘৰৰ চাৰিও কোণত চাৰিগছি চাকি
দিয়াৰ উপৰি ঘৰৰ পদূলি, পুখুৰী, গোহালি আৰু ঘৰৰ চৌপাশৰ সকলো আন্ধাৰ চুক-কোণত মুঠ চৈধ্যগছি বন্তি প্ৰজ্বলন কৰা
হয়। এনে কৰিলে ঘৰৰ পৰা সকলো অশুভ শক্তি আঁতৰি যায় বুলি বিশ্বাস কৰে। কোনো কোনোৰ
মতে এই চৈধ্যগছি বন্তিয়ে চৈধ্যপুৰুষক (পূৰ্বপুৰুষ) প্ৰতিনিধিত্ব কৰে। এই দিনাই বহু
লোকৰ মাজত চৈধ্যবিধ শাক খোৱাৰ নিয়মো প্ৰচলন আছে। ভূত চতুৰ্দশীৰ পাছৰ দিনাই হৈছে
কালী পূজা। কালী পূজাৰ পাছদিনাই প্ৰকৃত দীপাৱলী (কোনো কোনো বছৰত কালী পূজা আৰু
দীপাৱলী একে দিনাই পৰাও দেখা যায়)। বৈষ্ণৱ পন্থীসকলেও নিজ নিজ বিশ্বাস অনুসৰি, এই দিনটো উলহ-মালহেৰে পালন কৰে। এক বিশ্বাস অনুসৰি এই দিনটোতে লক্ষ্মীদেৱী
ধৰালৈ আহে। গতিকে ঘৰৰ জপনামুখ, দুৱাৰ আদি খোলা
ৰাখি প্ৰৱেশপথ পোহৰাই ৰাখিলে দেৱী গৃহত প্ৰৱেশ কৰে। দেৱালী উৎসৱত কোনো কোনো ঠাইত
পৰম্পৰাগতভাৱে জুৱা খেল অনুষ্ঠিত কৰাৰ আঁৰতো এক আমোদজনক বিশ্বাস জড়িত আছে। এই
বিশ্বাস অনুসৰি এই দিনটোতে দেৱী পাৰ্বতীয়ে মহাদেৱৰ লগত জুৱা খেলিছিল আৰু তেতিয়াই
পাৰ্বতীয়ে বাণী কৰিছিল যে দেৱালীৰ ৰাতি যিয়ে জুৱা খেলিব, বছৰজুৰি তেওঁৰ সমৃদ্ধি অটুট থাকিব। উল্লেখযোগ্য যে, দেৱালীৰ অন্তৰ্গত ‘ধনতেৰাচ’ নামৰ উৎসৱটিয়ে বৰ্তমান সময়ত এক শ্ৰেণীৰ অসমীয়াৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিলেও ই কিন্তু কোনো
কালেই অসমীয়া সংস্কৃতিৰ অংগ নাছিল। ই সম্পূৰ্ণ ৰূপে আমদানিকৃত সংস্কৃতিহে।
ফট্কা, আতচবাজী আদি জ্বলোৱাৰ প্ৰথাটো দীপাৱলীৰ অবিচ্ছেদ্য অংগ বুলি ভবা হয় যদিও
ৰামায়ণ প্ৰমুখ্যে দীপাৱলীৰ উল্লেখ থকা অন্যান্য প্ৰাচীন সংস্কৃত সাহিত্যত এই কথাৰ
উল্লেখ নাই। আতচবাজীৰ প্ৰথম আৱিষ্কাৰ হৈছিল চীনত। চীনাসকলে বিশ্বাস কৰিছিল যে ফট্কাৰ শব্দ
আৰু পোহৰে অশুভ শক্তি আৰু দু্ষ্টাত্মাক পৃথিৱীৰ পৰা খেদি পঠিয়ায়। আতচবাজীৰ লগতে এই
বিশ্বাসটোও পাছত অন্যান্য দেশলৈ বিয়পি পৰাৰ লগতে বিপুলভাৱে জনপ্ৰিয়তা লাভ কৰিলে।
ভাৰতত আতচবাজীৰ প্ৰথম ব্যৱহাৰ কৰিছিল মোগলসকলে। ৰজা আৰু ৰাজপৰিয়ালৰ আমোদ-প্ৰমোদৰ
বাবে ব্যৱহাৰ কৰা আতচবাজী পাছলৈ দেৱালীৰ সৈতে যুক্ত হৈ পৰিল।
অতি প্ৰাচীন কালৰে পৰা ভাৰতীয়সকলে অতি উৎসাহেৰে পালন কৰি অহা আলোকৰ এই উৎসৱে
ক্ৰমান্বয়ে যেন নিজৰ গৰিমা হেৰুৱাই পেলাইছে! উৎসৱটোত বৰ্তমান সাত্ত্বিকতাতকৈ
প্ৰদৰ্শনকামিতাইহে আগস্থান পোৱা দেখা যায়। ভোকাতুৰৰ বাবে এসাঁজ অন্ন দিবলগীয়া হ’লেও গা বেজ্বেজোৱা
মানুহেও লাখ লাখ টকাৰ ফট্কা ফুটুৱাই নিজৰ আৰ্থিক শক্তি প্ৰদৰ্শন কৰে। চিন্তনীয়
হাৰত ব্যৱহাৰ বৃদ্ধি পোৱা আতচবাজী আৰু ফট্কাই ভয়ংকৰভাৱে বায়ু আৰু শব্দ প্ৰদূষণৰ
সৃষ্টি কৰি পৰিৱেশৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আনিছে। এহাতে, ইয়াত ব্যৱহৃত ৰাসায়নিক পদাৰ্থসমূহ আৰু ইয়াৰ ধোঁৱা মানৱ শৰীৰৰ বাবে অত্যন্ত
ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে, যাৰ ফলত বিভিন্ন
ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হাঁপানি, ব্ৰংকাইটিছ, ছালৰ সমস্যা, এলাৰ্জি, কেঞ্চাৰ পৰ্যন্ত
অসুখৰ সম্ভাৱনা বাঢ়ি যোৱাৰ উপৰি ইয়াৰ দ্বাৰা উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহে (Green House Gases) গোলকীয় উষ্ণতা বৃদ্ধিতো প্ৰভূত
অৰিহণা যোগাইছে। আনহাতে, আতচবাজী আৰু ফট্কা
আদি ফুটুওৱাৰ পাছত তাত ব্যৱহৃত প্লাষ্টিক, ধাতু আৰু ফটা কাগজ
আদিয়ে সৃষ্টি কৰা বৃহৎ পৰিমাণৰ জাবৰৰ গৰিষ্ঠ অংশই মাটিৰ লগত লীন নোযোৱাৰ ফলত
সৃষ্টি হোৱা ভূমি প্ৰদূষণে মাটিৰ উৰ্বৰতা হ্ৰাস কৰি কৃষকক অৰ্থনৈতিকভাৱে
ক্ষতিগ্ৰস্ত কৰি তুলিছে। তদুপৰি, ৰোগী আৰু
বয়সস্থসকলৰ বাবে ফট্কা, ব’মা আদিৰ উচ্চ
প্ৰাবল্যৰ শব্দ অত্যন্ত পীড়াদায়ক হোৱাৰ উপৰি হাৰ্টৰ অসুখ থকা ৰোগীৰ মৃত্যু পৰ্যন্ত
হ’ব পাৰে। ইয়াৰ ফলত নৱজাতক আৰু শিশুসকলৰ শ্ৰৱণেন্দ্ৰিয়ৰ স্থায়ী ক্ষতি হোৱাৰো
আশংকা থাকে। তদুপৰি, অসাৱধানতাজনিত
দুৰ্ঘটনাসমূহৰ কথা নকলোঁৱেইবা! আটাইতকৈ দুঃখজনক কথাটো হৈছে যে গোটেই পৃথিৱীত ফট্কা
আৰু আতচবাজীৰ কাৰখানাসমূহত প্ৰায় ৮০ নিযুতৰো অধিক শিশু-শ্ৰমিকে কাম কৰে আৰু তাৰ
ভিতৰত ভাৰততেই ইয়াৰ হাৰ আটাইতকৈ বেছি। ক্ষাৰ আৰু অন্যান্য হানিকাৰক ৰাসায়নিক
পদাৰ্থসমূহৰ প্ৰত্যক্ষ সংস্পৰ্শত থকাৰ ফলত এই শিশুসমূহৰ নব্বৈ শতাংশই হাঁপানি, যক্ষ্মা আদি ৰোগত আক্ৰান্ত।
দীপাৱলীৰ এই দিনকেইটাক জীৱ-জন্তু আৰু পক্ষীকুলৰ বাবেও দুৰ্যোগৰ দিন বুলি ক’ব পাৰি।
উদাহৰণস্বৰূপে– কুকুৰৰ
শ্ৰৱণেন্দ্ৰিয় মানুহতকৈ প্ৰায় চাৰি গুণ বেছি শক্তিশালী । গতিকে, এই দিনটোত বিৰামহীন উচ্চ প্ৰাবল্যৰ শব্দই কুকুৰবিলাকৰ বাবে কিমান ভয়ংকৰভাৱে
পীড়াদায়ক হ’ব পাৰে, ই সহজেই অনুমেয়।
প্ৰতি বছৰে দেৱালীত বহু পক্ষীৰ মৃত্যু হৈ আহিছে। পক্ষীবিদসকলৰ মতে চৰায়ে সদায় পুৱা
বাহৰ পৰা ওলোৱা আৰু সন্ধিয়া বাহলৈ ঘূৰি অহা আদিৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট ৰুটিন মানি
চলে। দেৱালীৰ ফট্কা বা অন্যান্য আতচবাজীৰ শব্দই সিহঁতৰ শান্তিপূৰ্ণ জীৱন
সংকটাপন্ন কৰি পেলায়। প্ৰচণ্ড শব্দত ভয় খাই বাহৰ পৰা ওলাই যেনি-তেনি উৰিবলৈ ধৰা
চৰাইবোৰ আকৌ কোনো দিনেই বাহলৈ ঘূৰি নাহে। ইয়াৰে সৰহ সংখ্যকৰ মৃত্যু হয় আকাশত ফুটা
ফট্কা বা অন্যান্য আতচবাজীত আঘাতপ্ৰাপ্ত হৈ। কিছুমানৰ পাখি জ্বলি যায় আৰু আন
কিছুমানৰ তলফালৰ অংশ পুৰি গৈ আধা পোৰা অৱস্থাত মৃত্যুমুখত পৰে।
বছৰি বছৰি হাজাৰ
হাজাৰ কলপুলিৰ ধ্বংস-যজ্ঞ এই উৎসৱৰ আন এটা চিন্তনীয় বিষয়। চহৰততো দূৰৰ কথা, গাঁৱতো আজি-কালি অসমীয়া মানুহে বাৰীৰ ঢাপত কলগছ এজোপা নোৰোৱে। এতিয়া দেৱালীয়ে
প্ৰতি এইটো হাৰত কলগছৰ অপচয় কৰি গৈ থাকিলে এদিন হয়তো এইবিধ উদ্ভিদ দেখিবলৈকে নোহোৱা হৈ পৰিব। তদুপৰি, দেৱালীৰ পাৰ হোৱাৰ পাছত চহৰসমূহত ৰাষ্টাই-পথে পেলনীয়া কলগছৰ দম
বান্ধে৷ সময়মতে মিউনিচিপালিটিয়ে সেইবোৰ আঁতৰাই নিনিলে বৰষুণৰ
বতৰত সেইবোৰ গেলি-পঁচি চহৰৰ বাট-পথ কদৰ্যময় কৰি তোলে৷ ব্যৱহাৰ কৰাৰ পাছত পেলনীয়া কলগছবোৰ আন কামত ব্যৱহাৰ
কৰি (যেনে- পচলা নাইবা জীৱ-জন্তুৰ খাদ্য হিচাপে) উদ্ভিদবিধৰ অপচয় ৰোধ কৰাৰ প্ৰয়োজন৷
অৰ্থনৈতিক দিশতো এই উৎসৱ যথেষ্ট ক্ষতিকাৰক হৈ পৰিছে। বছৰি বছৰি দেৱালীৰ সময়ত
ৰং-বিৰঙৰ লাইট, ফট্কা, আতচবাজীৰ নামত কোটিৰ ঘৰত টকা ৰাজ্যৰ পৰা ওলাই যায়। কিয়নো, আমি উদ্যাপন কৰা দেৱালীৰ ৰংচঙীয়া লাইটসমূহ আহে চীনৰ পৰা; ফট্কা, আতচবাজী আহে
শিৱকাচীৰ পৰা। আমি মূৰৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা টকাৰে উৎসৱ উদযাপন কৰোঁ আৰু
ধনী কৰোঁ আনক। বিদ্যুতৰ এই নাটনিৰ সময়ত দেৱালীৰ দুদিনমান আগতেই লগাই দেৱালীৰ
কেইবাদিনো পাছলৈকে জ্বলাই ৰখা ৰংচঙীয়া লাইটবোৰৰ ফলত যথেষ্ট পৰিমাণৰ বিদ্যুতৰ অপচয় হয়। ইয়াৰ পৰিৱৰ্তে যদি
আমি আমদানিকৃত ফট্কা, আতচবাজীৰ সলনি
বৰপেটাৰ ফানুচ আৰু আতচবাজী ব্যৱহাৰ কৰোঁ, ৰং-বিৰঙৰ চাইনীজ লাইটৰ সলনি পৰম্পৰা অনুসৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা মাটিৰ
চাকি লগাওঁ, তেন্তে বিদ্যুতৰ
অপচয় ৰোধ হোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ’লেও হ্ৰাস পাব।
তদুপৰি, দুয়োটা শিল্পৰ সৈতে জড়িতসকলে ইয়াৰ দ্বাৰা কিছু
পৰিমাণে হ’লেও সকাহ পাব। বিশেষকৈ, আৰ্থিক অৱস্থাই
জুৰুলা কৰা মৃৎশিল্পীসকললৈ আগবঢ়োৱা এই যৎসামান্য সহায়ে মৃতপ্ৰায়
শিল্পটোলৈয়ো প্ৰাণৰ সঞ্চাৰ কৰিব।
© ৰঞ্জুমণি মহন্ত
Thanks for visiting my blog.
ReplyDeleteঅভিনন্দন । আগবাঢ়ক । আৰু আশা কৰিছোঁ।
ReplyDeleteঅশেষ ধন্যবাদ৷
Delete