ৰঞ্জুমণি মহন্ত
সকলোৰে একোটা কাহিনী
থাকে
যেনেকৈ নদীৰো থাকে
একোটা নিজা কাহিনী
কাহিনী নাথাকে ক’ত
কাহিনী থাকে আকাশত,
বতাহত,
মাটিত, পানীত, গ্ৰহ-নক্ষত্ৰত
বিশ্বব্ৰহ্মাণ্ডৰ
সকলো ঘটন আৰু পৰিঘটনত
অৰণ্যৰো কাহিনী থাকে
ছাঁ-পোহৰৰ
যেনেকৈ কাহিনী থাকে
খাজে-খাজে
পাহাৰৰ
বিজ্ঞানতো কাহিনী
থাকে,
থাকে ভূগোলত, বুৰঞ্জীত,
সাহিত্যত
মানুহৰো থাকে অলেখ
কাহিনী
জনা-অজানা
দেখা-অদেখা
কোৱা অথবা নোকোৱা
কোৱা কাহিনীবোৰ ৰৈ বৈ যায়
পোখা মেলে
মোট সলায়
খেনোটো হয় মুখৰোচক
খেনোটো নিৰস
আৰু নোকোৱা কাহিনীবোৰ …
নোকোৱা কাহিনীবোৰ
কাহানিও নোপজা সন্তানৰ দৰে
সিহঁতে পোহৰ নেদেখে
ৰৈ যায় আন্ধাৰত
আৰু এদিন গৰাকীৰ স’তে
সিহঁতৰো সমাধি হয়
কালৰ অতল বুকুত৷
****
(কবিতাটি ইতিপূৰ্বে ‘প্ৰান্তিক’ -ত প্ৰকাশিত)