ৰঞ্জুমণি মহন্ত
পঞ্চদশ শতিকাত সমগ্ৰ
ভাৰতবৰ্ষ জুৰি বিস্তাৰ লাভ কৰা ভক্তি আন্দোলনৰ ঢৌৱে অসমকো চুই গৈছিল আৰু তাৰেই ফলশ্ৰুতিত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰৱৰ্তন কৰিছিল “এক শৰণ নামধৰ্ম”৷ এই ভক্তিধৰ্ম প্ৰচাৰৰ বাবে নৃত্য, গীত, নাট
আদিক প্ৰভাৱশালী মাধ্যম হিচাপে গণ্য কৰি ১৪৬৮ খ্ৰীষ্টাব্দত ‘চিহ্নযাত্ৰা’ নাট্যাভিনয়ৰ
যোগেদিয়েই তেওঁ অসমত ভাওনা পৰম্পৰাৰ বুনিয়াদ ৰচনা কৰে, য’ত তেওঁ নিজে সাতখন বৈকুণ্ঠৰ
পট আঁকি, পশ্চাৎপটত সেই পট স্থাপন কৰি গীত-নৃত্য-সংগীতৰ মাজেৰে নাট্যাভিনয় কৰাইছিল৷
‘চিহ্ন’ শব্দৰ অৰ্থ হৈছে চিন, প্ৰতীক বা সংকেত আৰু ‘যাত্ৰা’ শব্দৰ অৰ্থ হৈছে নাটক৷
যিহেতু সেই সময়ত এনে ধৰণৰ নাট্যাভিনয়ৰ ধাৰণাটো সম্পূৰ্ণ অভিনৱ আছিল, গতিকে একক পৰিকল্পনাৰে
নাটখন মঞ্চায়ন কৰিবলৈ যাওঁতে প্ৰয়োজন হোৱা খোল-তাল নিৰ্মাণৰ পৰা আৰম্ভ কৰি চোঁ-মুখা
নিৰ্মাণলৈকে সমগ্ৰ কামৰ কিছু সংখ্যক কাম গুৰুজনাই প্ৰত্যক্ষভাৱে কৰিব লগা হৈছিল আৰু
আন কিছুমান তেখেতৰ নিৰ্দেশনাত সম্পন্ন হৈছিল৷ যাৰ ফলত চিহ্নযাত্ৰাৰ যোগেদি দৰ্শকসকলে
তেখেতক একেধাৰে এজন চিত্ৰকৰ, নাট্যকাৰ, প্ৰযোজক, পৰিচালক প্ৰশিক্ষক নৰ্তক, বাদক, অভিনেতা
আদি অনেক ৰূপত দেখিবলৈ পালে৷ উল্লেখযোগ্য যে চিহ্নযাত্ৰাত কোনোধৰণৰ সংলাপ নাছিল৷ চিত্ৰ,
নৃত্য আৰু সংগীতৰ মাজেৰে প্ৰদৰ্শন কৰা এই ভাওনা প্ৰত্যক্ষ কৰি দৰ্শকসকল ইমানেই অভিভূত
হৈছিল যে তেওঁলোকৰ মনত এনে এটা বিশ্বাস জন্মিছিল যে সাধাৰণ নৰ-মনিচৰ পক্ষে এনে এটা
কাম কৰাটো সম্ভৱ নহয় আৰু তেওঁলোকে শংকৰদেৱক ভগৱানৰ অংশ হেন গণ্য কৰিবলৈ ল’লে৷ উল্লেখযোগ্য
যে ১৪৬৮ খ্ৰীষ্টাব্দত ‘চিহ্নযাত্ৰা’ৰ যোগেদি শংকৰদেৱে যি নাট্যপৰম্পৰাৰ শুভাৰম্ভ কৰিছিল
তাৰ প্ৰায় এশ বছৰৰ পাছতহে ১৫৬৪ খ্ৰীষ্টাব্দত ৱিলিয়াম শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল৷
চিহ্নযাত্ৰাৰ এই অভূতপূৰ্ব সফলতাত উৎসাহিত হৈ শ্ৰীমন্ত শংকৰদেৱে
পৰৱৰ্তীকালত ছখন পূৰ্ণাংগ নাট ৰচনা কৰে৷ সেইকেইখন হৈছে -পত্নীপ্ৰসাদ, ৰুক্মিণীহৰণ,
কালিদমন, কেলিগোপাল, পাৰিজাতহৰণ আৰু ৰামবিজয় আদি ছখন নাট ৰচনা কৰে৷ ঠিক সেইদৰে গুৰুজনাৰ
প্ৰপন্ন শিষ্য মাধৱদেৱেও গুৰুৰ পদাংক অনুকৰণ কৰি একে আদৰ্শ আৰু লক্ষ্যেৰে অৰ্জুন ভঞ্জন
নামেৰে এখন পূৰ্ণাংগ নাট আৰু শিশু কৃষ্ণৰ কাহিনীৰে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভোজন বেহাৰ,
ভূমি লেটোৱা আদি কেইখনমান চুটি নাট ৰচনা কৰিলে৷ মাধৱদেৱৰ এই চুটি নাটসমূহক ঝুমুৰা বুলি
কোৱা হয়৷ ‘ব্ৰজাৱলী’ বা ‘ব্ৰজবুলি’ ভাষাত ৰচিত গুৰু দুজনাৰ এই নাটসমূহকে ‘অংকীয়া নাট’
বুলি কোৱা হয় আৰু এই নাট সমূহৰ অভিনয়কে ভাওনা বুলি কোৱা হয়৷
শংকৰোত্তৰ কালত মাধৱদেৱৰ উপৰি গোপাল আতা, ৰামচৰণ ঠাকুৰ, পুৰুষোত্তম
ঠাকুৰ, দ্বিজভূষণ, দৈত্যাৰি ঠাকুৰ প্ৰমুখ্যে গুৰুজনাৰ আৰু বহু অনুগামীয়ে তেখেতৰ অনুকৰণত
নাট ৰচনা কৰিছে যদিও সেই সমূহক ‘অংকীয়া নাট’ নুবুলি ‘ভাওনা নাট’ বুলিহে কোৱা হয়৷
প্ৰণিধানযোগ্য যে নাট্যকাৰ হিচাপে শংকৰদেৱৰ সৰ্বভাৰতীয় পৰ্যায়ত
দু্টা বিশেষ কৃতিত্ব হৈছে – প্ৰথমটো হৈছে- ‘চিহ্নযাত্ৰা’ কেৱল অসমীয়া ভাষাৰে নহয়, আটাইকেইটা
আধুনিক ভাৰতীয় ভাষাৰ ভিতৰতে ই প্ৰথম নাট৷ আৰু দ্বিতীয়টো কৃতিত্ব হৈছে শিশু চৰিত্ৰ উপস্থাপনৰ
ক্ষেত্ৰত৷ বিশিষ্ট কবি-নাট্যকাৰ আৰু সমালোচক শিশিৰকুমাৰ দাসে এঠাইত উল্লেখ কৰিছে যে
ৰবীন্দ্ৰনাথৰ শৰদোৎসৱ (১৯০৮) নাটকৰ আগলৈকে ভাৰতীয় মঞ্চত শিশু চৰিত্ৰৰ প্ৰৱেশ ঘটা নাছিল৷
সেইটো দিশৰ পৰা চাবলৈ গ’লে ভাৰতীয় নাটকত শিশু চৰিত্ৰ উপস্থাপন কৰা শংকৰদেৱেই হৈছে প্ৰথমগৰাকী
নাট্যকাৰ, যিয়ে শিশু কৃষ্ণ, বলৰাম আৰু গোপবালকসকলৰ চৰিত্ৰ চিত্ৰণেৰে ১৫২৬ খ্ৰীষ্টাব্দতে
‘পত্নীপ্ৰসাদ’ নাটক ৰচনা কৰিছিল৷
চিহ্নযাত্ৰাতে আৰম্ভ হোৱা ভাওনা পৰম্পৰাই ইতিমধ্যে পাঁচটা শতিকা
অতিক্ৰম কৰিলে৷ এই সুদীৰ্ঘ সময়চোৱাত অংকীয়া ভাওনাকে ভেটি কৰি আৰু কেইবা প্ৰকাৰৰো ভাওনাৰ
প্ৰচলন আৰম্ভ হ’ল৷ সেইবিলাক হৈছে –মাতৃভাষাৰ ভাওনা, ফৌজীয়া ভাওনা, ধুৰা ভাওনা, আদি৷
ইয়াৰ বাহিৰেও অসমৰ কোনো কোনো ঠাইত খুলীয়া ভাওনা আৰু ঢুলীয়া ভাওনা বুলি আন দুবিধ ভাওনাৰো
প্ৰচলনৰ বিষয়ে জানিবলৈ পোৱা যায়৷ মাতৃভাষাৰ ভাওনাৰ নাটসমূহৰ কাহিনীভাগ পুৰাণ-ভাগৱতৰ
পৰা লোৱা আৰু অংকীয়া নাটৰ আৰ্হিতে মাতৃভাষাত ৰচনা কৰা৷ মাতৃভাষাত ৰচনা কৰাৰ বাবে সকলো
শ্ৰেণীৰ লোকৰে সহজবোধ্য হোৱাত এই ভাওনাৰ জনপ্ৰিয়তা সৰ্বাধিক৷ উনবিংশ শতিকাৰ আগভাগত
অংকীয়া নাটৰ আধাৰতে ফৌজীয়া ভাওনাৰ সূচনা হয়৷ ফৌজ শব্দৰ অৰ্থ হৈছে দল৷ ফৌজীয়া ভাওনা
হৈছে কেইবাজনো লোকে দল বান্ধি কৰা নাট পৰিৱেশন৷ এইসমূহ ভাওনা গীতপ্ৰধান আৰু ব্যৱহৃত
ভাষা ব্ৰজাৱলী, হিন্দী আৰু সংস্কৃত আদিৰ মিশ্ৰিত এক ভাষা৷ ধুৰা ভাওনাৰ উৎপত্তি বৰপেটা
সত্ৰ বুলি কোৱা হয়৷ ‘ধুৰা’ মানে ধৰণী বা অক্ষদণ্ড৷ গীত-পদৰ দোহাৰাকো ধুৰা বোলা হয়৷
অংকীয়া নাটৰ সূত্ৰধাৰৰ দৰে এজন ধুৰাই আঁত ধৰি কাহিনী আগবঢ়াই নিয়ে বাবে এই বিধ ভাওনাৰ
নাম ‘ধূৰা ভাওনা’৷ কালক্ৰমত ফৌজীয়া ভাওনা, ধুৰা ভাওনা আদিৰ প্ৰচলন প্ৰায় নোহোৱা হোৱাৰ
বিপৰীতে মাতৃভাষাৰ ভাওনাৰ অৱস্থা জয়জয় ময়ময়৷
সাম্প্ৰতিক সময়ত
বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত মানুহৰ জীৱন ধাৰণৰ বহু পৰিৱৰ্তন ঘটিছে আৰু
বৃদ্ধি পাইছে বহু সহজলভ্য আমোদ-প্ৰমোদৰ মাধ্যমৰ৷ তৎসত্বেও কিন্তু ভাওনাৰ চৰ্চা অকণো
কমা নাই, বৰং বৃদ্ধিহে পাইছে৷ বিভিন্ন ঠাইত ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতা আদি অনুষ্ঠিত
হৈছে, যিসমূহত অনেক দলে অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ শ্ৰোতা দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম
হৈছে৷ পূৰ্বতে ভাওনাত মহিলাই অংশ লোৱা নাছিল যদিও আজিকালি মহিলায়ো ভাওনাত অংশ লোৱা
দেখা যায়৷ আনকি মহিলা ভাওনাও অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে৷ এইবিলাকেই নাট্যপৰম্পৰাটোৰ
বাবে ইতিবাচক খবৰ৷ বিভিন্ন প্ৰতিকূলতাৰ স্বত্তেও ১৪৬৮ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে
প্ৰায় পাঁচশ বছৰৰো অধিক কাল ভাওনা পৰম্পৰা নিৰৱচ্চিন্নভাৱে প্ৰৱাহিত হৈ থকাটো নিসঃন্দেহে
আমাৰ বাবে গৌৰৱৰ বিষয়৷ মাথোঁ মনকৰিবলগীয়া বিষয়টো হৈছে আধুনিকীকৰণ বা জনপ্ৰিয়কৰণৰ নামত
যাতে অংকীয়া ভাওনাৰ মূল আত্মাটো হেৰাই যাবলৈ দিয়া নহয়৷
তথ্যসূত্ৰ:
১) মহন্ত, ড০
পোনা – শংকৰদেৱৰ নাট-ভাওনা ৷
২) মহন্ত, ড০ পোনা – অপ্ৰমাদী শংকৰদেৱ আৰু
শ্বেইক্সপীয়েৰ৷
৩) বৰকাকতী, ড০ সঞ্জীৱ কুমাৰ - শংকৰী সংস্কৃতি আৰু দৰ্শন৷
৪) বৰা, কৰুণা –
সত্ৰীয়া নৃত্যৰ ৰূপ দৰ্শন ৷