Type Here to Get Search Results !

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০

0


যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ পৰিৱৰ্তন কৰি এক নতুন শিক্ষানীতি ঘোষণা কৰিছে৷ আনন্দৰ কথা যে এই নতুন শিক্ষানীতি দেশখনৰ শিক্ষাব্যৱস্থালৈ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷ ‘কা’-ৰ পৰা ‘পাৰিৱেশিক প্ৰভাৱ মূল্যায়ণ অধিসূচনা -২০২০’ লৈকে বিভিন্ন জনবিৰোধী স্থিতিৰ বাবে ভিন ভিন সময়ত চৰকাৰখন সমালোচিত হ’লেও, অলপতে ঘোষণা কৰা নতুন শিক্ষা নীতিৰ বাবে কিছু পৰিমাণে হ’লেও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

নতুন শিক্ষানীতিয়ে আনিব লগা এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ১০+২ আৰ্হিৰ আন্তঃগাথঁনিৰ পৰিৱৰ্তে ৫+৩+৩+৪ আৰ্হি প্ৰচলন৷ বৰ্তমান ব্যৱস্থাত শিশুৰ ৬ বছৰ বয়সৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ হোৱাৰ পৰিৱৰ্তে এই নতুন নীতি অনুসৰি শিশুৰ শিক্ষা গ্ৰহণ আৰম্ভ হ’ব তিনিবছৰ বয়সৰ পৰা৷ 

নতুন শিক্ষা নীতিয়ে আনিব খোজা এটা অতি বৈপ্লৱিক পৰিৱৰ্তন হৈছে ষষ্ঠ শ্ৰেণীৰপৰাই ছাত্ৰ-ছাত্ৰীক বৃত্তিমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা৷ এই শিক্ষা নীতি কাৰ্যকৰী হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীক বিভিন্ন বৃত্তিমুখী শিক্ষাদান কৰাৰ লগতে কৰ্ম অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকক ব্যৱহাৰিক শিক্ষাও প্ৰদান কৰা হ’ব৷ এই ব্যৱস্থাই যে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বিভিন্ন বৃত্তিৰ মানুহৰ প্ৰতি থকা প্ৰচলিত দৃষ্টিভংগীৰ পৰিৱৰ্তন সাধন কৰি সকলো বৃত্তিৰ মানুহকে সমদৃষ্টিৰে চাবলৈ শিকাব বুলি আশা কৰিব পাৰি ৷ ষষ্ঠ শ্ৰেণীৰ পৰা আৰু এবিধ নতুন শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব, সেয়া হৈছে ক’ডিং (Coding)শিকোৱাৰ ব্যৱস্থা৷

নতুন শিক্ষা নীতিয়ে আনিব খোজা আন এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে দশম শ্ৰেণীৰ পাছত কোনো ব’ৰ্ড পৰীক্ষাৰ ব্যৱস্থা নাথাকিব৷ অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা ব্যৱস্থাৰ বিলোপ সাধন কৰা হ’ব৷ তদুপৰি বাৰ্ষিক পৰীক্ষাসমূহৰ বিলোপ সাধন কৰি তৃতীয় শ্ৰেণী, পঞ্চম শ্ৰেণী, অষ্টম শ্ৰেণী, দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীতহে কেৱল পৰীক্ষাৰ ব্যৱস্থা থাকিব৷ আনকি বছৰি বছৰি দিয়া ৰিপৰ্ট কাৰ্ডতো মাথোঁ শিক্ষকেই নহয়, সহপাঠীসকলে আনকি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজে নিজৰ বছৰটোৰ প্ৰদৰ্শন মূল্যায়ন কৰাৰ সুবিধা থাকিব৷

আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞান, কলা বা বাণিজ্য বুলি কোনো বিভাগ নাথাকিব৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছানুসাৰে তেওঁলোকৰ পচন্দৰ বিষয় নিৰ্বাচন কৰি ল’ব পাৰিব৷ অৰ্থাৎ উদাহৰণ স্বৰূপে পদাৰ্থ বিজ্ঞানৰ সৈতে বুৰঞ্জী পঢ়াতো কোনো বাধা নাথাকিব৷

দ্বাদশ শ্ৰেণীৰ পাছৰ পৰ্যায়ত নতুন শিক্ষা নীতিয়ে অনা আন এটা পৰিৱৰ্তন হৈছে মাল্টিপ্‌ল এন্ট্ৰি- এক্‌জিট প্ৰগ্ৰেম৷ এই ব্যৱস্থাত কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়ি থকা পাঠ্যক্ৰমৰ পৰা আধাতে সলনি কৰিব খুজিলেও তেওঁলোকে শৈক্ষিক বছৰ হেৰুৱাব লগা নহয়৷ অৰ্থাৎ চাৰিবছৰীয়া পাঠ্যক্ৰম এটাৰ এবছৰৰ পাছতে যদি তেওঁলোকে পাঠ্যক্ৰম সলাব খোজে, তেন্তে সম্পূৰ্ণ কৰা প্ৰথম বছৰটোৰ বাবে তেওঁলোকে এখন চাৰ্টিফিকেট লাভ কৰিব৷ তদুপৰি বিশ্বৰ এশখন শ্ৰেষ্ঠ কলেজক (নে বিশ্ববিদ্যালয়ক? চাওকচোন।) ভাৰতত তেওঁলোকৰ কেম্পাছ স্থাপন কৰিবলৈ মুকলি কৰি দিয়া হৈছে৷

তদুপৰি নতুন শিক্ষা নীতি অনুসৰি যিমান দূৰ সম্ভৱ পঞ্চম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মাতৃভাষা অথবা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটোও নতুন শিক্ষা নীতিৰ এক উল্লেখযোগ্য দিশ৷ অৱশ্যে প্ৰতিখন বিদ্যালয়ৰ ওপৰতে এই নীতি বাধ্যতামূলক হ’লে কৰ্মসূত্ৰে এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যলৈ বদলি হৈ থকা পিতৃ-মাতৃৰ সন্তানসকলে যথেষ্ট পৰিমাণে অসুবিধাৰো সন্মুখীন৷ হ’ব৷

নতুন শিক্ষা নীতিত গোটেই শিক্ষা ব্যৱস্থাটোক কেন্দ্ৰীভূত কৰাৰ প্ৰয়াস থকা যেন অনুভৱ হ’লেও সামগ্ৰিকভাৱে যে ই এক বলিষ্ঠ শিক্ষানীতি সেই বিষয়ে সন্দেহ নাই৷ এতিয়া মাথোঁ অপেক্ষা ইয়াৰ সঠিক বাস্তৱায়নলৈ৷

অৱশ্যে এই শিক্ষানীতিৰ ৰূপায়ণৰ দিশত আন্তঃগাঁঠনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব। ই কিমান দূৰ সম্ভৱ হৈ উঠে সেয়া সময়তহে পৰিলক্ষিত হ'ব।

ৰঞ্জুমণি মহন্ত
০৪/০৮/২০২০

Post a Comment

0 Comments