Type Here to Get Search Results !

পাৰিৱেশিক ›প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ - ৰ খচৰা আৰু উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ

0

         কভিড-১৯-ৰ বাবে সমগ্ৰ দেশ জুৰি দিয়া লকডাউনৰ আগে আগে যোৱা ২৩ মাৰ্চ, ২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়”-পৰিৱেশ (সুৰক্ষা)আইন-১৯৮৬-ৰ দফা 3(1) আৰু (2)v - ৰ দ্বাৰা প্ৰাপ্ত ক্ষমতাৰে ইতিমধ্যে প্ৰচলিত হৈ থকা পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা-২০০৬” (Environmental Impact Assessment (EIA) Notification 2006) খনৰ  সংশোধন কৰি পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০” (EIA Notification 2020) জাৰি কৰিবৰ বাবে এক খচৰা প্ৰস্তুত কৰিছে। উল্লেখযোগ্য যে এই নতুনকৈ প্ৰস্তুত কৰা খচৰাখনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা ব্যক্তি!জনতাই এই খচৰা প্ৰকাশ কৰাৰ পৰা ষাঠি দিনৰ ভিতৰত কিবা ওজৰ-আপত্তি বা দিহা-পৰামৰ্শ থাকিলে  লিখিতভাৱে জনাব পাৰিব। এইখিনিতে আমি এটা কথা আলোচনা কৰা উচিত হব যে পাৰিৱেশিক প্ৰভাৱ নিৰূপণবা Environmental Impact Assessment(EIA )নো কি? EIA হৈছে কোনো এটা প্ৰস্তাৱিত প্ৰকল্পৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ নিৰূপণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত প্ৰকল্প এটা অনুমোদন জনোৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ মতামতক গুৰুত্ব দিয়া হয় আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰকল্পটোক অনুমোদন জনোৱা হব নে নহব তাৰ নিৰ্ণয় লোৱা হয়। চৰকাৰৰ মতে এই প্ৰভাৱ নিৰূপণ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে অনলাইনযোগে আৱেদন কৰিব পৰা ব্যৱস্থা কৰাৰ লগতে গোটেই প্ৰক্ৰিয়াটো প্ৰতিনিধিনিযুক্তকৰণ (Delegation), যু্ক্তিসিদ্ধকৰণ (Rationalization)  আৰু  প্ৰমাণসিদ্ধকৰণ (Standardization)  কৰাৰ বাবে এই সংশোধন কৰিবলৈ লোৱা হৈছে। তৎসত্ত্বেও, খচৰাখন প্ৰকাশ হোৱাৰ লগে লগে ই প্ৰকৃতিবিদ আৰু পৰিৱেশসচেতন মহলৰ মাজত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিৱেশবিদসকলৰ মতে এই সংশোধনে ইতিমধ্যে দেশত প্ৰচলিত হৈ থকা গোটেই মূল্যায়ন ব্যৱস্থাটোকে দুৰ্বল কৰি পেলাব। অধিসূচনাখনে প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠনৰ বাট মোকলাই দিয়াৰ লগতে ই হব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশৰ প্ৰতি এক ভাবুকি স্বৰূপ আজিৰ এই আলোচনাৰ বিষয় হৈছে এই নতুন অধিসূচনাখনৰ খচৰাইনো প্ৰক্ৰিয়াটোলৈ এনে কি পৰিৱৰ্তন আনিব, যাৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ সম্পৰ্কে সচেতন মহল ইয়াক লৈ চিন্তিত হৈ পৰিছে·

         ইতিমধ্যে প্ৰচলিত EIA অধিসূচনাখনে পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা-২০০৬অনুসৰি কোনো প্ৰকল্পই এনভাইৰন্মেণ্ট ক্লিয়েৰেন্স” (Environment Clearance, চমুকৈ EC ) লাভ কৰিবলৈ হলে আৰম্ভ কৰাৰ আগতে পাৰিৱেশিক প্ৰভাৱ নিৰূপণবা Environmental Impact Assessment প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব আৰু এই প্ৰক্ৰিয়াৰ অন্তত যি প্ৰতিবেদন প্ৰস্তুত কৰা হয়, সেই প্ৰতিবেদন সম্পৰ্কত ৰাইজৰ শুনানি লোৱা হয়। ৰাইজৰ শুনানিৰ ওপৰত সেই প্ৰকল্পটোৱে এনভাইৰন্মেণ্টেল ক্লিয়েৰেন্সলাভ কৰিবনে নকৰে, সেই কথা নিৰ্ভৰ কৰে। কিন্তু এই নতুন পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০” –ৰ খচৰাৰ ২৬ নং অনুচ্ছেদ অনুসৰি প্ৰায় চল্লিছবিধ ভিন্  ভিন্  প্ৰকল্পক এই অধিসূচনাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। অৰ্থাৎ এই চল্লিছবিধ প্ৰকল্পই কোনো ধৰণৰ এনভাইৰন্মেণ্ট ক্লিয়েৰেন্সঅথবা আগতীয়া এনভাইৰন্মেণ্ট পাৰ্মিশ্বন’ (Environment Permission, চমুকৈ EP)  লোৱাৰ প্ৰয়োজন নাই। যিহেতু কোনো পূৰ্ব অনুমতি লোৱাৰ প্ৰয়োজনেই নাই, গতিকে তেনে প্ৰকল্পৰদ্বাৰা পৰিৱেশ ক্ষতিগ্ৰস্ত হলেও বা ৰাইজৰ আপত্তি থাকিলেও সেই আপত্তি জনোৱাৰ বাবে খচৰাখনত কোনো সুবিধা ৰখা হোৱা নাই। আৰু যিহেতু আইনগতভাৱে আপত্তি জনোৱাৰ সুৰুঙা নাই, গতিকে কোনোৱে আপত্তি কৰিলেও সেই আপত্তি নৰজিব। উল্লেখযোগ্য যে শক্তি উৎপাদন কেন্দ্ৰ, কয়লা বা আন খনিজ পদাৰ্থ অন্বেষণ, জলসিঞ্চন আদিৰ দৰে  প্ৰকল্পকো আগতীয়া এনভাইৰন্মেণ্ট ক্লিয়েৰেন্সঅথবা  এনভাইৰন্মেণ্ট পাৰ্মিশ্বন’ -ৰ পৰা ৰেহাই দিয়া হৈছে।

 

       পৰিৱেশবিদসকলে আপত্তি কৰা এই খচৰা অধিসূচনাখনৰ আন এটা আপত্তিজনক সংশোধন হৈছে প্ৰকল্পৰ ষ্ট ফেক্টএপ্ৰভেল বৰ্তমানে চলি থকা পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা২০০৬অনুসৰি যিকোনো প্ৰকল্পই আগতীয়া EC  বা EP লোৱাটো বাধ্যতামূলক। কিন্তু নতুন অধিসূচনাখনৰ খচৰাখনে  B2 বিভাগৰ সকলো প্ৰকল্পকে আগতীয়া EC  বা EP লোৱাৰ পৰা ৰেহাই দিছে। অৰ্থাৎ এই বিভাগৰ প্ৰকল্পসমূহে পৰিৱেশ সম্বন্ধীয় কোনো অনুমতি নোহোৱাকৈ কাম চলাই থাকিব পাৰিব আৰু পাছত যিকোনো সময়তে তেওঁলোকে পৰিৱেশ অনুমতিৰ বাবে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে কোনো প্ৰতিষ্ঠানে যদি পৰিৱেশ অনুমতিৰ আইন উলংঘন কৰি প্ৰকল্পৰ কাম চলাই থাকে, তেনেক্ষেত্ৰত সামান্য জৰিমনাৰ বিনিময়ত তেনে উলংঘনক আইনসংগত কৰি দিয়াৰো ব্যৱস্থা ৰখা হৈছে। এইখিনিতে উল্লেখ কৰাটো সমীচীন হব যে তেনে ক্ষেত্ৰত প্ৰকল্পটোৰ মালিকপক্ষ, কোনো চৰকাৰী কৰ্তৃপক্ষ নাইবা নিয়ামক সংস্থাৰ বাহিৰে সৰ্বসাধাৰণে আপত্তি কৰিব নোৱাৰিব বা কৰিলেও  ই গ্ৰহণযোগ্য নহব।  

     নতুন খচৰাখনৰ আন এটা আপত্তিজনক দিশ হৈছে যে ইয়াত বহু গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা শুনানি লোৱা ব্যৱস্থাৰ পৰা আঁতৰাই ৰখা হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা, প্ৰতিৰক্ষাৰ সৈতে জড়িত প্ৰকল্প, সীমান্ত অঞ্চলৰপৰা ১০০ কিলমিটাৰ দূৰত্বৰ ভিতৰত হব লগা প্ৰকল্প আৰু চৰকাৰে ষ্ট্ৰেটেজিক্হিচাপে গণ্য কৰা প্ৰকল্পসমূহৰ কোনো ৰাজহুৱা শুনানি লোৱা নহব। উল্লেখযোগ্য যে চৰকাৰে ষ্ট্ৰেটেজিক্বুলি গণ্য কৰা প্ৰকল্পসমূহ জনসাধৰণৰ বাবে হানিকাৰক হলেও অথবা জনসাধাৰণৰ আপত্তি থাকিলেও আপত্তি দাখিল কৰাৰ কোনো সুৰুঙা নাথাকিব। অৰ্থাৎ চৰকাৰে ষ্ট্ৰেটেজিক্শব্দটো ব্যৱহাৰ কৰি যিকোনো প্ৰকল্পকে জনসাধাৰণৰ অংশগ্ৰহণৰ পৰা আঁতৰাই ৰাখিব পাৰিব। তদুপৰি, জলসিঞ্চন ব্যৱস্থাৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ বহলকৰণ, দলং, উৰণীয়া সেতু নিৰ্মাণ, সমুদ্ৰতীৰৰ পৰা ২২.২২৪ কিলমিটাৰ দূৰত্ব পৰ্যন্ত আৰম্ভ হব লগা কোনো প্ৰকল্প আদিৰ ক্ষেত্ৰতো ৰাইজৰ শুনানিৰ ব্যৱস্থা ৰখা নহব। তদুপৰি এই নতুন খচৰাত ৰাজহুৱা শুনানিৰ সময়সীমা প্ৰচলিত অধিসূচনাতকৈ হ্ৰাস কৰি পূৰ্বৰ এমাহৰ পৰিৱৰ্তে নতুন খচৰাখনত ইয়াক কুৰি দিনলৈ হ্ৰাস কৰা হৈছে।

      

        কয়লা বা আন খনিজ পদাৰ্থ অন্বেষণৰ ক্ষেত্ৰত সকলোধৰণৰ আগতীয়া অনুমতিৰ পৰা ৰেহাই দিয়া উপৰি খননৰ ক্ষেত্ৰতো প্ৰচলিত পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা-২০০৬অনুসৰি EC বা EP-ৰ সময়সীমা ৩০ বছৰৰ পৰিৱৰ্তে  ৫০ বছৰ বা অনুমতি পত্ৰৰ ম্যাদ শেষ নোহোৱা পৰ্যন্ত (যিটোৱেই আগতে হয়) বঢ়াই দিয়া হৈছে।

                  ৰনাৰ বিভীষিকা, লক্ ডাউনৰ আদিত জনসাধাৰণৰ মনোযোগ কেন্দ্ৰীভূত হৈ থকাৰ বাবেই হয়তো পৰিৱেশ (সুৰক্ষা)আইন-১৯৮৬-ক অৰ্থহীন কৰি, পৰিৱেশৰ প্ৰতি ভাবুকি আনিব পৰা এই খচৰা Environmental Impact Assessment (EIA) Notification 2020-ৰ প্ৰতি জনসাধাৰণে যিধৰণে সচেতনতা দেখুৱাব লাগিছিল, তেনেধৰণে দেখুওৱা নাই। অহা ১১ আগষ্টলৈকে এই খচৰাখন ৰাইজৰ মতামতৰ বাবে ৰখা হৈছে। যদি সেই তাৰিখৰ ভিতৰত ৰাইজে আপত্তি নদৰ্শাই তেন্তে এই খচৰা অনতিপলমে গৃহীত হব আৰু ইয়াৰ লগে লগে উত্তৰ-পূবৰ প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠনৰ পৰা বচোৱাৰ কোনো উপায় নাথাকিব। এইখিনিতে উল্লেখ কৰা উচিত হব যে এই খচৰাৰ বিৰুদ্ধে কোনোৱে আপত্তি অথবা দিহা-পৰামৰ্শ থাকিলে লিখিতভাৱে তলত দিয়া ঠিকনা অথবা মেইললৈ পঠাব পাৰিব।

Secretary, Ministry of Environment,

Forest and Climate Change, Indira Paryavaran Bhawan, Jor Bagh Road, Aliganj, New Delhi-110 003,

e-mail address at eia2020-moefcc@gov.in.  

                                                                                                                                                                         -ৰঞ্জুমণি মহন্ত

                                                                                                                     


      


Post a Comment

0 Comments