Type Here to Get Search Results !

এখন চহৰৰ কাহিনী

0
॥ এখন চহৰৰ কাহিনী ॥
                             ✍ ৰঞ্জুমণি মহন্ত ।

বহু যুগৰ অন্ধকাৰত
বুৰ গৈ আছিল এখন প্ৰাচীন চহৰ ।
পোহৰে বাট হেৰুৱাইছিল,
বিবৰ্ণ হৈ পৰিছিল
জোনটোও ।

আৰু এনেকৈয়ে----
দিনবোৰ বৈ গৈ আছিল ।

হঠাৎ এদিন ,
পণ লৈছিল বহু জোনাকীয়ে
'মাউখে উটাৰ'

সুঁতি সলাইছিল নৈখনেও ।
বালিচৰৰ বালিচন্দাবোৰ
জিকমিকাই উঠিছিল ।

আৰু ক্ৰমশঃ --
সাৰ পাই উঠিছিল
এখন বহু যুগৰ নিদ্ৰাৰত
প্ৰাচীন চহৰ ।

Post a Comment

0 Comments