Type Here to Get Search Results !

॥ চিচিফাচৰ দৰে॥

0
 ॥ চিচিফাচৰ দৰে॥
           ✍ ॥ৰঞ্জুমণি মহন্ত ॥

চিচিফাচ ৰ দৰেই
বহন কৰিব পাৰো
জীৱনৰ সমস্ত বোজা
তোমাৰ সাহচৰ্যত।

থাকক লাগিলে তাত
সীমাহীন দুখ , পৰাজয়, উপেক্ষা
অথবা মান - অভিমান ।

পাৰ হ'ব পাৰো হেলাৰঙে
পাৰাপাৰহীন যন্ত্ৰণাৰ সাগৰ ।

পৰি যাব পাৰো পৃথিৱীৰ অগাধ প্ৰেমত ,
ঠিক চিচিফাচৰ দৰেই ,
তোমাৰ মনৰ কিঞ্চিত উষ্ণতাত ।
                ----------------

Post a Comment

0 Comments