Type Here to Get Search Results !

॥শিল্পী ॥

1
॥শিল্পী ॥
               ✍ ৰঞ্জুমণি মহন্ত ॥

ঘাম আৰু শোণিতৰ চিয়াঁহীৰে,
নিদ্ৰাহীন ৰাতিৰ দিনলিপি লিখি
প্ৰাণ দিওঁ, নিষ্প্ৰাণ শিল অথবা কাঠত।

ধনৰ তুলাচনীত
অৱমূল্যায়িত কলাসুলভতা,
দৈন্যতাৰ নিৰাপত্তাহীনতাত
শ্বাসৰূদ্ধ ভালপোৱা ।

শ্ৰম, অপ্ৰাপ্তিৰ হতাশাৰে
ক্লিষ্ট জীৱনতো
সৃষ্টিৰ সন্তুষ্টিৰে পৰিতৃপ্ত মন ।
জানাইতো,
সুন্দৰৰ সাধনা যে জীৱনৰ পণ।

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.