ৰঞ্জুমণি মহন্ত
কতবাৰ যে
হাতত হাত থলোঁ
ওঁঠত ওঁঠ
নাম দিলোঁ-
ভাল, বেয়া
উমাল কিম্বা শীতল
বুকুত কঢ়িয়ালোঁ
তৃষ্ণাৰ্ত চাতকৰ ব্যাকুলতা
এধানি স্পৰ্শৰ বাবে
অলপ মমতা
নতুবা অলপ প্ৰেম
সাঁচি থ’লোঁ-
সোঁৱৰণিৰ বৰপেৰাত
স্পৰ্শৰ বহু ডুখৰীয়া স্মৃতি
অথচ,
সকলো আছিল মাথোঁ ভ্ৰম
ব্ৰহ্মাণ্ডৰ মায়াই
মুহি ৰাখিছে আমাৰ মন
প্ৰতিহত কৰাকেই
আমি ‘স্পৰ্শ’ বুলি ভুল কৰিলোঁ
আচলতে,
স্পৰ্শবোৰ কোনোকালেই স্পৰ্শ নাছিল
সেয়া আছিল মাথোঁ
বিদূৰণ
***