Type Here to Get Search Results !

পাবলো নেৰুদাৰ অষ্টাদশ ছনেট

0

 মূল : পাবলো নেৰুদা

অনুবাদ : ৰঞ্জুমণি মহন্ত

 


তুমি পাহাৰ অতিক্ৰমি যোৱা

বতাহৰ দৰে৷ 

অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে

নাইবা তোমাৰ ঢৌ খেলোৱা চুলিৰ

হয়, তোমাৰ সোণোৱালী চুলিৰ সূৰুয জলমল বৈভৱৰ দৰে৷ 


তোমাৰ দেহত শুভ্ৰ ককেচাচৰ সমস্ত জ্যোতি

পিয়লাত পানীয়ৰ পকনীয়াৰ দৰেই সলোৱা ৰূপ

যিদৰে নদীৰ উদ্দাম গতিৰ স’তে পানীয়ে সলায় গীত

সলায় ৰূপ



পাহাৰৰ খাজে খাজে খাজ কটা আছে কোনো এক প্ৰাচীন যোদ্ধাৰ যাত্ৰাপথ


আৰু তলত-

উপত্যকাৰ আঁজলিত

তৰোৱালৰ ধাৰৰ দৰেই

চিকমিক জলাধাৰ



তেতিয়ালৈ,

যেতিয়ালৈকে

হঠাৎ চমকি  উঠা বিজুলীৰ দৰে তুমি

অৰণ্যই পঠোৱা এথোপা নীলাফুলৰ 

আঘাত নোপোৱা

শৰবিদ্ধ নোহোৱা

আৰণ্যক ঘ্ৰাণৰ৷


XVIII


Through mountains you move as moves the breeze

or as the sudden stream from under snow

or your hair flaring, yes, flickering,

the high banners of an enraptured sun.


All the light of the Caucasus falls over your body

whirling like liquid in a bowl

in which the water changes shape and song

as with the river’s every open move.


Through the mountain flows the old warrior’s road

and below –shining fiercely like a sword–

the water, between the walls of the valley’s hands


until you receive from the forests, suddenly,

the branch of lightning, stroke of blue flowers,

the precious arrow of the forest’s smell.


by Pablo Neruda

tr by Bethany Wilkins and Remy Wilkins

Post a Comment

0 Comments