Type Here to Get Search Results !

॥ সপোন ॥

0
॥ সপোন ॥
      ✍ ॥ ৰঞ্জুমণি মহন্ত ॥

মুনিচুনিৰ ৰং সনা সন্ধিয়াটোৱে
গুজি দিছিল মোৰ দুহাতত
এটা ঔফুলীয়া সপোন ।
যাক ৰোপন কৰিছিলোঁ  
মোৰ বুকুৰ উৰ্বৰতাত ।

লাহে লাহে সি
সঁজাল ধৰিছিল ,
বাঢ়ি আহিছিল ,
আৰু শাখা প্ৰশাখাৰে
প্ৰসাৰিত হৈছিল ।

সোনাৰুৰ হালধীয়া ,
পথাৰৰ সেউজীয়া
আৰু কৃষ্ণচূড়াৰ ৰঙাৰে
তাক সজাই তুলিছিলোঁ  ।

সূৰুযৰ ঔজ্জ্বল্য
হীৰাৰ কাঠিন্য
আকাশৰ ঔদাৰ্য
আৰু সাগৰৰ গভীৰতাৰে
পুষ্ট কৰিছিলোঁ তাক ।

অৰ্জুনৰ লক্ষ্যভেদৰ
পাঠ দিছিলোঁ যদিও
কোৱা নাছিলোঁ একলব্যৰ
গুৰু ভক্তিৰ কথা ।
দিয়া নাছিলোঁ
নিজকে শোষিত সজোৱাৰ
কোনো পাঠ।

সেই পূৰঠ সপোনটোৰ
হাতত ধৰিয়েই মই
খহাই দিব খোজোঁ আজি
সমগ্র অক্ষমতাৰ বোজা,
মচি দিব খোজোঁ
বহু পৰাজয়ৰ গ্লানি । 
   
     ---------------

Post a Comment

0 Comments